শ্ৰম বিহীন জীৱন সদায় বেমাৰীঃ আলফাৰ প্ৰাক্তন উপ সেনাধ্যক্ষ ৰাজু বৰুৱা

হাজোৰ ৰামদিয়াত অনুষ্ঠিত এক স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠানৰ উদ্ধোধনী অনুষ্ঠানত এই বিস্ফোৰক মন্তব্য কৰে ৰাজু বৰুৱাই।

author-image
Asomiya Pratidin
New Update
 শ্ৰম বিহীন জীৱন সদায় বেমাৰীঃ আলফাৰ প্ৰাক্তন উপ সেনাধ্যক্ষ ৰাজু বৰুৱা

ডিজিটেল সংবাদ, হাজোঃ 'খিলঞ্জীয়া খিলঞ্জীয়া বুলি ৰাজপথত চিঞৰিলে নহ'ব। আজিৰ অসমীয়াই খিলঞ্জীয়াৰ সংজ্ঞা নিজেই উলিয়াই লব লাগিব। শ্ৰম বিহীন জীৱন সদায় বেমাৰী। বেমাৰৰৰ পৰা হাত সাৰিবলৈ হলে শ্ৰম কৰিবই লাগিব। বিদেশী চিকিৎসা পদ্ধতি, বিদেশী বেমাৰৰে ভৰি পৰিছে আজিৰ সমাজ। কিন্তু পূৰ্বৰ সময়ত মানুহৰ ইমান বেমাৰ নাছিল।'- হাজোত এই বিস্ফোৰক মন্ত্যৱ আলফাৰ প্ৰাক্তন উপ সেনাধ্যক্ষ ৰাজু বৰুৱাৰ।

Advertisment

হাজোৰ ৰামদিয়াত অনুষ্ঠিত এক স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠানৰ উদ্ধোধনী অনুষ্ঠানত এই বিস্ফোৰক মন্তব্য কৰে ৰাজু বৰুৱাই।

নলবাৰীৰ উদিয়মমান যুৱক ছাইদুল হকৰ প্ৰচেষ্টাত জন্ম এই উদ্ধোধনী কাৰ্য্য সূচীত উপস্থিত থাকে ৰাজু বৰুৱা। TRUEMAXX নামৰ এক ডাইজনেষ্টিক চেণ্টাৰ মুকলি কৰে বৰুৱাই। হাজো দেৱ সমাজৰ সভাপতি প্ৰমোদ বেজবৰুৱাই আতধৰা সভাত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয়। গ্ৰাম্য অঞ্চলত উন্নত চিকিৎসা সেৱা আগবঢ়াব বুলি সদৰী কৰিছে সচেতন মহলে।

Also Read: ক্ষমতাশালী মানুহজনে শুনক ৰাৱণ বধৰ কাহিনী...

raju baruah haaju