চৰাইদেউ প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন

দৈনিক জনমভূমিৰ সাংবাদিক ধ্ৰুৱজ্যোতি বৰুৱাক সভাপতি,অসমীয়া প্ৰতিদিনৰ সাংবাদিক প্ৰণৱ বৰগোহাঁইক সম্পাদক হিচাপে লৈ চৰাইদেউ প্ৰেছ ক্লাবৰ নতুন সমিতি
চৰাইদেউ প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ অঞ্চলৰ সংবাদকৰ্মীসকলৰ অন্যতম উমৈহতীয়া মঞ্চ চৰাইদেউ প্ৰেছ ক্লাব। এই প্ৰেছ ক্লাবটিৰ নতুন সমিতিখন দেওবাৰে পুনৰ নতুনকৈ গঠন কৰা হয়। 

প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱাৰ পৌৰহিত্যত মথুৰাপুৰ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় সভাখন। আজি অনুষ্ঠিত হোৱা সাধাৰণ সভাত দৈনিক জনমভূমিৰ সাংবাদিক ধ্ৰুৱজ্যোতি বৰুৱাক সভাপতি,অসমীয়া প্ৰতিদিনৰ সাংবাদিক প্ৰণৱ বৰগোহাঁইক সম্পাদক হিচাপে লৈ চৰাইদেউ প্ৰেছ ক্লাবৰ নতুন সমিতিখন গঠন কৰে।

সভাত মথুৰাপুৰ,লাকুৱা,চৰাইদেউ, চফ্ৰাই,শিমলুগুৰি আৰু টেঙাপুখুৰী অঞ্চলৰ সংবাদকৰ্মীসকলে অংশগ্ৰহণ কৰে ৷ পুৰণি সমিতিৰ যুটীয়া সম্পাদক মিন্টু তাঁতীয়ে সভাখনি প্ৰেছ ক্লাবৰ উপদেষ্টা আলিম আহমেদ,সাংবাদিক বিতু কোঁৱৰ,প্ৰণৱ বৰগোহাঁই আৰু মুহিউদ্দিন আহমেদ বক্তব্য আগবঢ়ায় ৷

চৰাইদেউ প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন
নিশাৰ ভিতৰতে আমাক স্থায়ী প্ৰধান শিক্ষকৰ পদ দিয়কঃ একাংশ শিক্ষকৰ দাবী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in