নিশাৰ ভিতৰতে আমাক স্থায়ী প্ৰধান শিক্ষকৰ পদ দিয়কঃ একাংশ শিক্ষকৰ দাবী

প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰিলে কাইলৈ ৰাজ্যৰ হেজাৰ হেজাৰ প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে বিভাগীয় টেবলেট শিক্ষা বিভাগক উভতাই দিব
নিশাৰ ভিতৰতে আমাক স্থায়ী প্ৰধান শিক্ষকৰ পদ দিয়কঃ একাংশ শিক্ষকৰ দাবী

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে একাংশ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ স্থায়ী নকৰাকলৈ ক্ষুব্ধ প্ৰাথমিক শিক্ষক সন্মিলনীৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতি। দেওবাৰে জিলাখনৰ খাৰুৱাবান্ধাত এখন বিশেষ সভা অনুষ্ঠিত কৰি ক্ষুব্ধ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগকক বিভিন্ন শ্ল'গানৰে হুংকাৰ দিয়ে।

"আজি নিশাৰ ভিতৰত আমাক প্ৰধান শিক্ষকৰ পদ দিয়ক", "আমি চৰকাৰী টেবলেট উভতাই দিম","আমি ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক, কিন্তু কাম কৰোঁ প্ৰধান শিক্ষকৰ সমান" ইত্যাদি বিভিন্ন শ্ল'গান দি ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যজুৰি প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে এই দাবী তুলি ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগক ডেডলাইন বান্ধি দিছে।

উল্লেখ্য যে, ৩০ এপ্ৰিলত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দিয়া ডেডলাইনৰ আজি অন্তিম দিন। কিন্তু ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে আজিলৈ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰিলে।

ডেডলাইনৰ আজিৰ এই অন্তিম দিনটোত মাজনিশাৰ ভিতৰত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰিলে কাইলৈ ৰাজ্যৰ হেজাৰ হেজাৰ প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে বিভাগীয় টেবলেট শিক্ষা বিভাগক উভতাই দিব বুলি হুংকাৰ দিয়ে।

প্ৰাথমিক শিক্ষক সন্মিলনীৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিয়ে উক্ত সভাত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলৰ দাবীত তেওঁলোক অটল থকা বুলি মন্তব্য কৰে। আজি মাজনিশাৰ ভিতৰত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰিলে প্ৰায় ১ মাহ পূৰ্বে শিক্ষা বিভাগে বিদ্যালয়ত কাম কৰাৰ বাবে যোগান দিয়া টেবলেট কাইলৈ শিক্ষা খণ্ড বিষয়াৰ কাৰ্যালয়ত গৈ উভতাই দিয়া হ'ব বুলি উল্লেখ কৰে।

উল্লেখ্য যে, প্ৰধান শিক্ষকৰ পদ নথকা বিদ্যালয়ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দ্বাৰা দীৰ্ঘ দিন ধৰি ৰাজ্যৰ শিক্ষা বিভাগে বিভিন্ন কাম চলাই আহিছে। এইসকল ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকক অতিৰিক্ত কামত নিয়োজিত কৰাৰ বাবে শিক্ষক সন্মিলনীয়ে এই সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে বুলি উক্ত সভাত উল্লেখ কৰে।

নিশাৰ ভিতৰতে আমাক স্থায়ী প্ৰধান শিক্ষকৰ পদ দিয়কঃ একাংশ শিক্ষকৰ দাবী
প্ৰেম ! পত্নীয়ে কপালত অংকিত কৰিলে স্বামীৰ নাম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in