বিশ্ব শান্তিৰ লক্ষ্যৰে ন-মাটিত ভাগৱত পাঠৰ সামৰণি...

বিশ্ব শান্তিৰ লক্ষ্যৰে ন-মাটিত ভাগৱত পাঠৰ সামৰণি...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ হাতীচোঙৰ সমীপৱৰ্তী ন-মাটি যুৰীয়া নামঘৰ প্ৰাংগণত ৫ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ ৩ দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান সম্পন্ন হয়। বিশ্বশান্তিৰ উদ্দেশ্যে তিনিদিনীয়া ভাগৱত পাঠ অনুষ্ঠানৰ আজি সামৰণি পৰে।

প্ৰথম দিনা পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলন, খোল প্ৰসংগ আৰু নাম প্ৰসংগৰ অন্তত বিয়লি ভাগত ভাগৱত পাঠ আৰম্ভ হয়। দেওবাৰে পুৱা ৯ বজাত ভাগৱত পাঠৰ সামৰনি পৰে আৰু ১০ বজাত গুৰুজনাৰ কলা-কৃষ্টি প্ৰদৰ্শনেৰে সমগ্ৰ অঞ্চলজুৰি ভাগৱত ভ্ৰমণ কৰা হয়।

তিনিদিনীয়া ধৰ্মীয় কাৰ্যসূচীভাৰ অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগীতাৰ বাবে সভাপতি বিৰেন কুমাৰ বৰা সম্পাদক বিচিত্র মোহন ডেকা আৰু প্ৰচাৰ সম্পাদক প্ৰাঞ্জল ডেকাই ধন্যবাদ জনাইছে।

বিশ্ব শান্তিৰ লক্ষ্যৰে ন-মাটিত ভাগৱত পাঠৰ সামৰণি...
নিজৰ জন্মদিন কিছু ব্যতিক্ৰমীকৈ উদযাপন কৰিলে এগৰাকী চিকিৎসকে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in