/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-22.jpg)
AGRANI KHABAR
ডিজিটেল সংবাদ,হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলা স্বাস্থ্য বিভাগত সহায় কৰাৰ উদ্দেশ্যে শনিবাৰে বিয়লি এখন সাধাৰণ সভাযোগে হাটশিঙিমাৰীত নতুনকৈ জিলা ৰক্তদান সমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত গ্ল’ৱেল ইডুকেশ্বন এণ্ড টেক্নো ওৱাৰ্লড (Global Education & Techno World)ৰ সভাকক্ষত ড০ নাজিৰ হুছেইন মোল্লাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাৰ জৰিয়তে জিলা পৰ্যায়ৰ এই ৰক্তদান সমিতি গঠন কৰা হয়।
সাংবাদিক কাবিৰ মণ্ডলক সভাপতি আৰু ছাদ্দাম হুছেইনক সম্পাদক হিচাপে লৈ গঠন কৰা এই ৰক্তদান সমিতিখনত কাৰ্যকৰি সভাপতি হিচাপে দক্ষিণ শালমাৰা-মানকাচৰ জিলা পোষণ সমন্বয়ক মোকছেদুৰ ৰহমানক দায়িত্ব দিয়া হৈছে। জিলা পৰ্যায়ৰ এই ৰক্তদান সমিতিখনৰ নামাকৰণ এতিয়ালৈ কৰা হোৱা নাই যদিও পৰৱৰ্তী সভাত নাম চুড়ান্ত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছে।
এই জিলা পৰ্যায়ৰ ৰক্তদান সমিতিয়ে জিলাখনৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰয়োজন সাপেক্ষে ৰক্তদান কৰাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ প্ৰয়াস চলাব বুলি মুখ্য উপদেষ্টা ড০ নাজিৰ হুছেইন মোল্লাই জানিবলৈ দিছে।
Also Read: আজি মহাৰণ : ১৪০ কোটি ভাৰতীয়ৰ বুকুত সাঁচি ৰখা সপোনে প্ৰাণ পাব ২২ গজত