ফৰকাটিং গজানন্দ জালান বালিকা বিদ্যালয়ত প্রাক্তন ছাত্রী সমাৰোহৰ প্ৰস্তুতি...

অহা ৬, ৭ আৰু ৮ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব প্ৰাক্তন ছাত্ৰী সমাৰোহ

author-image
Asomiya Pratidin
New Update
ফৰকাটিং গজানন্দ জালান বালিকা বিদ্যালয়ত প্রাক্তন ছাত্রী সমাৰোহৰ প্ৰস্তুতি...

golaghat

ডিজিটেল ডেস্ক : অহা ৬, ৭ আৰু ৮ জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ একমাত্ৰ বালিকা বিদ্যালয়ত প্ৰাক্তন ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে এই সমাৰোহৰ প্ৰস্তুতি আৰম্ভ হৈছে।

Advertisment

উল্লেখ্য যে ফৰকাটিঙৰ একমাত্র ছোৱালী শিক্ষা অনুষ্ঠান ফৰকাটিং গজানন্দ জালান বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমাৰোহৰ লগত সংঘতি ৰাখি এখনি উদযাপন সমিতি গঠন কৰা হয়।

উক্ত অনুষ্ঠানত বৰ্তমানে অসম তথা ভাৰতৰ বিভিন্ন প্রান্তত থকা প্রাক্তন ছাত্রীসকলক উপস্থিত থাকিবলৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক ধ্ৰুৱজ্যোতি চুতীয়াই আহ্বান জনায়। ইয়াৰ উপৰিও এই প্ৰাক্তন ছাত্ৰী সমাৰোহ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে ছাত্ৰী সকলৰ সহায় সহযোগিতা কামনা কৰিছে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি আৰু প্রাক্তন ছাত্রী সমাৰোহৰ সভানেত্রী ৰূপলেখা চুতীয়া, সম্পাদিকা দর্শনা দেৱীয়ে।

উল্লেখ্য় যে বিদ্যালয় কৰ্তৃপক্ষ তথা গঠন কৰা উদযাপন সমিতিখনে এই সমাৰোহৰ বিষয়ে সঠিকভাৱে জানিবৰ বাবে ৬০০২৪৬৬১১৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

আৰু পঢ়ক : গভীৰ নিদ্ৰাত বনবিভাগ ! বন্যহস্তীয়ে এফালৰ পৰা তহিলং কৰি গৈছে ঘৰ, শস্য,পশুধন...

assam golaghat