গড়মূৰ সত্ৰ মহিলা সমাজৰ সভানেত্ৰী হেমপ্ৰভা দত্তৰ বিয়োগ

গড়মূৰ সত্ৰ মহিলা সমাজৰ সভানেত্ৰী হেমপ্ৰভা দত্তৰ বিয়োগ

author-image
Asomiya Pratidin
New Update
গড়মূৰ সত্ৰ মহিলা সমাজৰ সভানেত্ৰী হেমপ্ৰভা দত্তৰ বিয়োগ

ডিজিটেল সংবাদ,মাজুলী : প্ৰাক্তন বিধায়ক কৰুনা দত্তৰ সহধৰ্মিনী হেমপ্ৰভা দত্তৰ বিয়োগ। শ্ৰীশ্ৰীগড়মূৰ সত্ৰৰ ধৰ্মপ্ৰাণ মহিলা তথা গড়মূৰ সত্ৰ মহিলা সমাজৰ সভানেত্ৰী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী হেমপ্ৰভা দত্ত শুকুৰবাৰে পুৱা মৃত্যু হয়।

Advertisment

উল্লেখ্য যে ৪দিনৰ পূৰ্বে হঠাৎ অসুস্থ হৈ পৰা হেমপ্ৰভা দত্তক পৰিয়াৰলৰ লোকে ডিব্ৰুগড় তাৰ পাছত গুৱাহাটী চিকিৎসালয় ভৰ্তি কৰিছিল। জীৱন-মৃত্যুৰে যুঁজি অৱশেষত শুকুৰবাৰে পুৱা প্ৰায় ৫-৩০ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ।

মৃত্যুৰ সময়ত তেওঁ পুত্ৰ-কন্যাক ইহসংসাৰত এৰি থৈ যায়। পুত্ৰ দেৱজিৎ দত্ত মাজুলীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু সমাজকৰ্মী । ধৰ্মপ্ৰাণ মহিলা প্ৰয়াত দত্তৰ মৃত্যুত মাজুলীৰ বিধায়ক ভূৱন গামে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল সমবেদনা জ্ঞাপন কৰে। গড়মূৰ সত্ৰ পীতাম্বৰ দেৱ গোস্বামী যুৱ মঞ্চৰ লগতে বিভিন্ন দল-সংগঠনে শোকপ্ৰকাশ কৰে।

Also Read: 'সংগ্ৰাম লগ্নে আজি' শীৰ্ষক সুদক্ষিণা শৰ্মাৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আয়োজন

Garahmur Satra