দুৰ্নীতিগ্ৰস্ত ৰেঞ্জাৰক বনমন্ত্ৰীৰ সুৰক্ষা : সদনত গুৰুতৰ অভিযোগ শাসকীয় বিধায়কৰ

দুৰ্নীতিগ্ৰস্ত ৰেঞ্জাৰক বনমন্ত্ৰীৰ সুৰক্ষা : সদনত গুৰুতৰ অভিযোগ শাসকীয় বিধায়কৰ

ডিজিটেল ডেস্ক : সদনত চৰকাৰৰ অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচী আৰু সোণাপুৰৰ দুৰ্নীতিগ্ৰস্ত আঞ্চলিক বন বিষয়াক লৈ আজি সৰৱ হ'ল শাসকীয় বিধায়ক অতুল বৰা। তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে, সোণাপুৰ আঞ্চলিক বন বিষয়াগৰাকীয়ে তেওঁৰ এলেকাধীন এটা অঞ্চলত ৮ লাখ টকাৰ গছপুলি ৰোপণ কৰা দেখুৱাই সমুদায় ধন আত্মসাৎ কৰে।

বিধায়কগৰাকীয়ে নিজে সেই স্থান পৰিদৰ্শন কৰি এটাও গছপুলি নেদেখাৰ কথা সদনক অৱগত কৰে। আনহাতে অধ্যক্ষক সম্বোধি এই অভিযোগো কৰে যে,বহুদিন ধৰি দুৰ্নীতিত লিপ্ত এই বিষায়গৰাকীক বদলি তথা শাস্তি দিয়াৰ বাবে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক তেওঁ নিজে অসংখ্যবাৰ অনুৰোধ কৰিছিল যদিও সেয়া কাৰ্যকৰী নহ'ল।

ইয়াৰ পৰিৱৰ্তে সেই একেগৰাকী বিষয়াৰ নেতৃত্বত ৮ লাখ টকা ইতিপূৰ্বে গছপুলি ৰোপণৰ নামত আত্মসাৎ কৰা সেই স্থানত অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচীহে বন বিভাগে গ্ৰহণ কৰিছে। ইয়াৰ আঁৰত কি উদ্দেশ্য নিহিত হৈ আছে সেই সন্দৰ্ভত বনমন্ত্ৰীকো তেওঁ প্ৰশ্ন কৰে।

দুৰ্নীতিগ্ৰস্ত ৰেঞ্জাৰক বনমন্ত্ৰীৰ সুৰক্ষা : সদনত গুৰুতৰ অভিযোগ শাসকীয় বিধায়কৰ
হাজো-দৌলাশাল পথত ভয়াৱহ দুৰ্ঘটনা : থিতাতে নিহত ১জন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in