পাপৰি কবি গণেশ গগৈৰ সুনামত কলংক সানিছে কোনে ?

পাপৰি কবি গণেশ গগৈৰ সুনামত কলংক সানিছে কোনে ?

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ স্বাভিমানৰ সমুজ্জ্বল প্ৰতীক পাপৰি কবি গণেশ গগৈ । নিজস্ব অতুল্য কাব্য সাহিত্যৰে ঢকুৱাখনাক স্বাভিমানী কৰি অহা এই গৰাকী বৰেণ্য সাহিত্য কাণ্ডাৰীৰ সুনামত কালিমা সানিছে এখন চৰকাৰী আঁচনিয়ে ।

মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰে আঁচনি ৰূপায়নৰ নামত ক্ষণজন্মা কবি গৰাকীৰ সুনাম কলংকিত কৰা এই দুষ্কাৰ্যৰ আধাৰ হিচাবে জনচক্ষুত ধৰা দিছে গণেশ গগৈ স্মৃতি ৰাজহুৱা প্ৰেক্ষাগৃহটোৱে।

ঢকুৱাখনা নগৰৰ মাজ মজিয়াত ২০১৬ চনৰ ১২ ডিচেম্বৰত তদানীন্তন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেয়ে গণেশ গগৈ প্ৰেক্ষাগৃহৰ অত্যাধুনিক নিৰ্মাণৰ শুভাৰম্ভ কৰিছিল । তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আবন্তিত বিশেষ পুঁজিৰ প্ৰায় ৩.৫ কোটি ব্যয়ৰে প্ৰেক্ষাগৃহটো নিৰ্মাণৰ ঠিকা লাভ কৰিছিল লোকনিৰ্মান বিভাগৰ কুলেন হাজৰিকা নামৰ ঠিকাদাৰজনে ।

ঢকুৱাখনাবাসীৰ সম্ভ্ৰম হিচাবে পৰিগণিত এই অত্যাধুনিক প্ৰেক্ষাগৃহটো নিৰ্মাণৰ হেতু ১৯৫১ চনতে স্থাপিত ঢকুৱাখনাৰ স্মৃতি বিজড়িত  টাউন ক্লাৱৰ গৃহ পৰ্যন্ত ভাঙি উচন কৰা হৈছিল । ঢকুৱাখনাবাসীৰ  প্ৰত্যাশা আছিল প্ৰেক্ষাগৃহটো নিৰ্মাণৰ জৰিয়তে এক কৌটি কলীয়া অভাৱ মোচন হব ।

পিছে ঢকুৱাখনাবাসীৰ এই প্ৰত্যাশাত চেঁচা পানী পৰিবলৈ বেছি সময় নালাগিল। কাব্য সাধক গৰাকীৰ স্মৃতি সংপৃক্ত হৈ থকা অত্যাধুনিক প্ৰেক্ষাগৃহটো এতিয়া মদাহী, ভঙুৱা, জুৱাৰী আৰু সীমাহীন অপকৰ্ম, অসামাজিক কাৰ্যৰ ভূ-স্বর্গ হিচাবে ব্যৱহৃত হৈছে । বছৰ বছৰ ধৰি অৰ্ধনিৰ্মিত হিচাবে পেলাই ৰাখি এহাতে বিশাল চৰকাৰী পুঁজিৰ অপচয় কৰিছে আৰু অন্যহাতে স্বনামধন্য কবি গৰাকীৰ সুনামত প্ৰচণ্ড পদাঘাট কৰিছে ঠিকাদাৰ বিধায়ক আৰু চৰকাৰে। 

সম্প্ৰতি ঢকুৱাখনাবাসীৰ মূৰৰ কামোৰণি আৰু জলন্ত সমস্যা হিচাবে বিবেচিত হোৱা এই অৰ্ধ নিৰ্মিত প্ৰেক্ষাগৃহটোত গৰিষ্ঠ সংখ্যক কাম আধৰুৱা অৱস্থাত পেলাই ৰখাই ফলত গৃহটোৰ বৰ্হি ভাগত বনৰীয়া তৰু তৃণ গজি ধ্বংসৰ মুখলৈ গতি কৰিছে। তাৰোপৰি গৃহটোৰ অভ্যন্তৰ ভাগৰ চিলিং, টিনপাত ,বৈদ্যুতিক সংযোগ সহ অন্যান্য সামগ্ৰী ভাগি ছিগি উৱঁলি গৈ ক্ৰমাৎ নিঃশেষ হোৱা পৰিলক্ষিত হৈছে।

তাৰোপৰি ক্ৰুটিপূৰ্ণ ভাবে নিৰ্মিত প্ৰেক্ষাগৃহটোৰ বহুতো অংশৰ নিম্নমানৰ কামৰ নমুনা উদঙাই জহি খহি বিদ্ধস্ত হোৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী বিশেষ পুঁজিৰে নিৰ্মিত এইটো প্ৰেক্ষাগৃহৰ বিগত ৬ বছৰে সম্পূৰ্ণ ভাবে নিৰ্মাণ নকৰি কি কুটিল ষড়যন্ত্ৰ ৰচিছে ঠিকাদাৰ গৰাকীয়ে সেয়া এক অবুজ সাঁথৰ হিচাবে পৰিগণিত হৈ আহিছে ঢকুৱাখনাবাসীৰ মাজত।

কেৱল চৰকাৰী পুঁজিলৈ লুলুপ দৃষ্টি দি ক্ষমতাশীল ৰাজনৈতিক শক্তিৰ মদতপুষ্ট হৈ নিৰ্মাণ কাৰ্য চলোৱা অৰ্থলোভী ঠিকাদাৰৰ এনে বেপৰোৱা ভূমিকাত লেকাম লগোৱাত নিৰ্লজ ভাবে ব্যৰ্থ প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক নৱ দলে। নিজ হাতেৰে আধাৰশিলা স্থাপন কৰা এখন ব্যয় বহুল আঁচনিৰ বিগত ৫ টা বছৰে সম্পূৰ্ণ কৰিবলৈ অসমৰ্থ মতলবি ঠিকাদাৰক কাম সম্পূৰ্ণ কৰিবলৈ বাধ্য কৰাব নোৱাৰা বিধায়ক দলেৰ দুৰ্বল ভূমিকাৰ গোপন ৰহস্য ৰাইজে বুজি উঠিছে ।

পাপৰি কবি গৰাকীৰ নাম সমুজ্জ্বল কৰাৰ নামত পূৰ্বৰ প্ৰেক্ষাগৃহ ভাঙি উচন কৰি অত্যাধুনিক প্ৰেক্ষাগৃহৰ স্বপ্ন দেখুৱা বিধায়ক নৱ দলে আৰু ঠিকাদাৰৰ এই ক্ষেত্ৰত  মৌনতা ভাঙিবলৈ তথাকথিত সচেতন মহল, দল সংগঠনৰ সাহসৰ অভাৱো অন্য এক জটিল সমস্যা হিচাবে ধৰা দিছে । ৰাজকোষৰ কোটি কোটি টকা কুক্ষীগত কৰাৰ লালসাত  আঁচনি গ্ৰহণ কৰি পৰৱৰ্তী সময়ত তাক সঠিক আৰু সম্পূৰ্ণ ভাবে কাৰ্যকৰী নকৰি পেলাই ৰখা এনে নীচ মানসিকতাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ ঢকুৱাখনাবাসীৰ কাম্য । এই ক্ষেত্ৰত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ কৰণীয়তা অতীৱ প্ৰয়োজনীয় হিচাবে ধৰা দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in