নিযুক্তি ঠিকাভিত্তিত, দৰমহা কিমান জানেনে? ১লাখ ৯৭ হাজাৰ টকা...

ধাৰত পোত যোৱা অসম চৰকাৰে যি সময়ত নিয়মীয়া দৰমহাৰ বোজা পাতলাবলৈ হাজাৰ হাজাৰ পোষ্ট ড্ৰপ কৰিছে সেই সময়তে পোহৰলৈ আহিছে দৰমহা বিহীন ঠিকাদাৰী নিযুক্তি প্ৰাপ্ত কেইগৰাকীমান বিষয়াই লাভ কৰা বহু লাখ টকীয়া বানচৰ খবৰ।
নিযুক্তি ঠিকাভিত্তিত, দৰমহা কিমান জানেনে? ১লাখ ৯৭ হাজাৰ টকা...

ডিজিটেল ডেস্ক: ধাৰত পোত যোৱা অসম চৰকাৰে যি সময়ত নিয়মীয়া দৰমহাৰ বোজা পাতলাবলৈ হাজাৰ হাজাৰ পোষ্ট ড্ৰপ কৰিছে সেই সময়তে পোহৰলৈ আহিছে দৰমহা বিহীন ঠিকাদাৰী নিযুক্তি প্ৰাপ্ত কেইগৰাকীমান বিষয়াই লাভ কৰা বহু লাখ টকীয়া বানচৰ খবৰ।

এই অবিশ্বাস্য ঘটনা সংঘটিত হৈছে ৰাজ্যৰ বন বিভাগত। পাঞ্জাবাৰীস্থিত প্ৰধান মুখ্য বন সংকক্ষকৰ কাৰ্যালয়টো এতিয়া যেন বন অথবা বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ব্যস্ত নহয়।ইয়াত কৰ্ম শীৰ্ষ পদাধিকাৰী সকল ব্যস্ত কোটি কোটি টকাৰ বিদেশী পূঁজিৰে বিভিন্ন প্ৰকল্প ৰূপায়নৰ নামত লুটপাতৰ অভিযানতহে।

বহুতে এই কথা নাজানে যে বন বিভাগত কেম্পা ফান, বেম্বো মিছন আদিৰ হাজাৰ কোটি টকীয়া লুটপাতৰ বিচাৰ নোহোৱাকৈয়ে সকলো অভিযুক্ত সাৰি যোৱাৰ পাছত শেহতীয়াকৈ লুটপাত চলিছে ফ্ৰান্সৰ পূঁজিৰে পৰিচালিত আসাম প্ৰজেক্ট ফৰেষ্ট এণ্ড বায়ডাইভাৰচিটি কনজাৰভেশ্বন চচাইটি চমুকৈ এপিএফবিচিএছ।

শুনি আচৰিত হ'ব কাৰ্যালয়ত এই প্ৰকল্পৰ কাম-কাজ তদাৰক কৰাৰ বাবে কেইবাগৰাকী বিশেষজ্ঞ ঠিকাভিত্তিক নিৰ্ধাৰিত বানচৰ বিপৰীতে নিয়োগ কৰা হৈছে। কোটি কোটি টকীয়া এই প্ৰকল্পৰ নামত কাৰ্যালয়ত বহি মোবাইল টিপিয়েই এওলোকে সময় পাৰ কৰে।

এই পদাধিকাৰী সকলৰ ভিতৰত চিনিয়ৰ প্ৰকিয়ৰমেন্ট, স্পেচিয়েলিষ্ট ফিনাইনচিয়েল এডভাইজাৰ, প্ৰকিয়ৰ মেন্ট একজুকেটিভ, লিগেল কনচালটেন্ট, জি আই এছ এনালিষ্ট, পিএটুপিডি , কম্পিউটাৰ প্ৰগ্ৰেমাৰ, চিডিঅ,চাপৰ্টিং ষ্টাফৰ লগতে আছে ৭ টাকৈ ড্ৰাইভাৰৰ পদ।

পিছে বাস্তৱত একো কাম নহ'লেও ঠিকাভিত্তিক ৰেমুনেৰশ্যনৰ বিপৰীতে কাম কৰা এই সকলৰ ৰেমুনেৰশ্যনৰ পৰিমাণ শুনিলে ৰাইজৰ চকু কপালত উঠিব। পাঠক ৰাইজে জানেনে চিনিয়ৰ প্ৰকিয়ৰমেন্ট স্পেচিয়েলিষ্ট জনৰ বানচৰ পৰিমাণ কিমান। ড্ৰাইভাৰকে ধৰি আন সা-সুবিধা বেলেগ , কাৰ্যালয়তে বহি আব্দুল ৱাহিদ নামৰ এই গৰাকী বিষয়াই নিৰ্ধাৰিত ৰেমুনাৰেশ্যন সহ প্ৰতিমাহে লাভ কৰে ১ লাখ ৯৭ হাজাৰ ১২০ টকা।

সাধাৰণতে ঠিকাভিত্তিত নিযুক্তিৰ নামত প্ৰভিডেন ফাণ্ডৰ ব্যৱস্থা নাথাকিলেও চৰকাৰে দিয়া ধন সহ তেওঁৰ পি এফত জমা হোৱা পূজি হল প্ৰায় ৫৭,৩০০ টকা। আনহাতে ফাইনাঞ্চ অফিচাৰ জনৰ নিযুক্তি ঠিকাভিত্তিক হলেও তেওঁ মাহে ১ লাখ ২৫ হাজাৰ টকা লাভ কৰে আৰু তেওঁৰ নামত পি এফত জমা হয় ৩০,০০০ টকা।

সেইদৰে প্ৰকিয়ৰমেন্ট একজুকেটিভ জনৰ মাহেকীয়া বানচ ৬৫ হাজাৰ আৰু পি এফৰ পৰিমাণ ১৪ হাজাৰ। আনকি লিগেম কনচালটেন্ট জনে ৪৮,০৭০ টকা ঠিকাভিত্তক বানচ লাভ কৰাৰ উপৰিও ১১,৫২০ টকা পি এফত জমা হয়।

ইফালে ভট্টাচাৰ্য উপাধিৰ প্ৰকল্প সঞ্চালকৰ পি এ জনেও ঠিকাভিত্তিক বানচ লাভ কৰে ৪২ হাজাৰ টকা,ঠিকাভিত্তিক কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু একাউন্টেন্টৰ দৰমহা ক্ৰমে ৩০,০০০ আৰু ৩৪,০০০ ।

৭ জনকৈ চিডিঅও আছে। তেওঁলোকৰ দৰমহা ২৬,৪০০ ৰ পৰা ২৪,০০০ ভিতৰত। অতি আশ্চাৰ্যজনকভাৱে ইয়াত আছে ৭ জন গাড়ী চালক। এওলোকৰ দৰমহা ১৮,০০০।

কোনে কি স্বাৰ্থত ঠিকাভিত্তিত এই সকলক নিয়োগ কৰি প্ৰতিমাহে প্ৰায় ১০ লাখ টকাকৈ চৰকাৰৰ ঘৰৰ পৰা উলিয়াই নিলেও ফ্ৰান্স চৰকাৰে আগবঢ়োৱা প্ৰকল্পৰ নামত কাম শূণ্য বুলিব পাৰি।

আৰু পঢ়ক: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত  আটাছু, টাইপা, আহোম সেনা আৰু টাই সাহিত্য সভাৰ প্ৰতিক্ৰিয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in