চাপৰত বন বিভাগৰ অভিযান

বন বিভাগৰ অভিযানত জব্দ ভ্ৰাম্যমাণ কাঠফলা মেচিনসহ কাঠৰ কুণ্ডা।
চাপৰত বন বিভাগৰ অভিযান

ডিজিটেল ডেস্কঃ ধুবুৰী জিলাৰ বহলপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কুৰ্শাকাটিৰ বালাজানীত বন বিভাগে এক গোপন সুত্ৰ অনুসৰি অভিযান চলাই । আৰক্ষীৰ অভিযানত এটা ভ্ৰাম্যমান কাঠফলা মিলসহ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে দীৰ্ঘদিন ধৰি একাংশ অসাধু লোকে অবৈধ ভাৱে মিলটো চলাই আছিল। অৱশেষত বঙাইগাঁও আই ভেলী বন সংমণ্ডল বিষয়াৰ নিৰ্দেশত বঙাইগাঁও জিলা বন বিভাগৰ এটা দলৰ লগতে বহলপুৰ বন বিভাগে যৌথভাবে কুৰ্শাকাটিত বালাজানীত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় মিলটো।

জব্দকৃত কাঠফলা মেচিন সহ কাঠৰ কুণ্ডাখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ-অৰ্ধ লক্ষাধিক হ'ব বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সংক্ৰান্তত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে।

চাপৰত বন বিভাগৰ অভিযান
দৰঙত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in