টিকট লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে দলৰ সাংগঠনিক সভাত দিলীপ শইকীয়া

দৰং-ওদালগুৰি জিলাৰ ১১ টা বিধানসভা সমষ্টিৰ ভিতৰত ৰঙিয়াত সৰ্বাধিক ভোট পাম : শইকীয়া
টিকট লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে দলৰ সাংগঠনিক সভাত দিলীপ শইকীয়া

ডিজিটেল সংবাদ,ৰঙিয়া : বৃহস্পতিবাৰে ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত আবেলি ২-৩০ বজাত অনুষ্ঠিত হয় বিজেপি দলৰ সাংগঠনিক সভা। সভাত অংশগ্ৰহণ কৰে দিলীপ শইকীয়াই।

আগন্তুক দিনত ৰঙিয়া সমষ্টিৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক তৃতীয় কাৰ্যকালৰ বাবে জয়ী কৰাৰ বাবে এই সভাত অনুষ্ঠিত কৰা বুলি সাংসদ শইকীয়াই উল্লেখ কৰে। উল্লেখযোগ্য যে, দলীয় টিকট লাভ কৰা পাছত দৰং-ওদালগুৰি জিলাৰ লোকসভাৰ সাংসদ পদৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়াই প্ৰথমবাৰৰ বাবে সাংগঠনিক সভাত উপস্থিত থাকে।

দৰং-ওদালগুৰি জিলাৰ ১১ টা বিধানসভা সমষ্টিৰ ভিতৰত ৰঙিয়াত সৰ্বাধিক ভোট লাভ কৰিব বুলি শইকীয়াই আশা প্ৰকাশ কৰি কয় যে, নাৰী শক্তি,গৰীৱ কল্যাণ উন্নয়ন, যুৱক আৰু অন্নদাতাক আগত ৰাখি বিজেপিয়ে মূল লক্ষ্য হিচাপে লৈ আগবাঢ়িছে । লগতে বিৰোধীক দুৰ্বল প্ৰাৰ্থী বুলি নাভাবো বুলি মন্তব্য কৰে।

তদুপৰি সবকা সাথ সবকা বিকাশ যি নীতি তাক সাৰোগত কৰি বিটি আৰ শান্তি চুক্তি ক্ষেত্ৰত আগবাঢ়ি ৫ লাখ ভোটত জয়ী হ'ব বুলি জনায়। ইফালে দৰং-ওদালগুৰি জিলা লোকসভাৰ সম্ভাব্য আনগৰাকী কংগ্ৰেছ দলৰ মাধৱ ৰাজবংশীয়ে প্ৰতিদ্বন্দিতা কৰা ক্ষেত্ৰত বিজেপিৰ মনোনীত প্ৰাৰ্থী গৰাকীয়ে কয়- "ৰাজবংশীদেৱক শুভেচ্ছা জনাইছোঁ, দৰং ওদালগুৰি জিলাত ৰাজবংশীদেৱে ৫ - ১০ বছৰত কি কৰিছে, কিমান দূৰ তেখেত ৰাইজে কাষত পাইছে সেয়া ৰাইজেই ভালদৰেই অধ্যয়ন কৰি জানিব।"

উল্লেখ্য যে বিজেপিৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়াই আগন্তুক দিনত ৰঙিয়াৰ সৰ্বাংগীন উন্নতিৰ লগতে সমস্যা সমাধান ক্ষেত্ৰত সদায় সাংসদ হিচাপে নিৰ্বাচিত হোৱা দিনধৰি ৰাইজৰ সৈতে জড়িত হৈ থকা বুলি কোৱাৰ উপৰিও সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ যি নিষ্ঠাবান দলীয় পদক্ষেপ আৰু সমষ্টিৰ বিকাশৰ অৰিহণা সেয়া সকলোৱে শলাগ লোৱাৰ বিষয়ে মত প্ৰকাশ কৰে । ইপিনে ৰঙিয়াত ৰে'ল ডিভিজন হোৱাৰ পিছত ২ বছৰৰ পৰাই ৰাজধানী এক্সপ্ৰেছ ৰেলখন ৰখোৱা হয় যদিও আনখন ডিব্ৰুগড়ৰ পৰা অহা ৰাজধানী এক্সপ্ৰেছখনো ৰখোৱাৰ ব্যৱস্থা কৰাৰ কথা শইকীয়াই জানিবলৈ দিয়ে ।

আনহাতে আজিৰ এই বিজেপিৰ সাংগঠনিক সভাত দৰং ওদালগুৰি জিলাৰ নতুন সমষ্টি ঘোষিত লোকসভাৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ওচৰৰ পৰা পাই দলীয় কাৰ্যকতাসকল উপস্থিত হৈ উস্ম আদৰণি জনায় । সভাত আগন্তুক দলীয় নিৰ্বাচনৰ ৰণনীতি সমষ্টিটোৰ বুথ আৰু মণ্ডলৰ কাৰ্যকৰয়তাসকলৰ সৈতে আলোচনা হয় ।

আজিৰ এই সাংগঠনিক সভাত দিলীপ শইকীয়া, স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, উত্তৰ কামৰূপ জিলাৰ সভাপতি সুৱল পাল, দৰং ওদালগুৰি জিলাৰ সংযোজক নীলিমা দেৱী,বিস্তাৰক বাতাশো ওৰাঙকে ধৰি দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।

টিকট লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে দলৰ সাংগঠনিক সভাত দিলীপ শইকীয়া
স্পীন বান্ধৱ হিমাচলত স্পীনাৰে খহালে আটাইকেটা উইকেট : কুলদীপ-অশ্বিনৰ স্পীন যাদুত বিপৰ্যস্ত ইংলেণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in