স্পীন বান্ধৱ হিমাচলত স্পীনাৰে খহালে আটাইকেটা উইকেট : কুলদীপ-অশ্বিনৰ স্পীন যাদুত বিপৰ্যস্ত ইংলেণ্ড

স্পীন তাৰকাত্ৰয় কুলদীপ৫,ৰবিচন্দ্ৰণ অশ্বিন ৪ আৰু আনটো উইকেট লাভ কৰে ৰবীন্দ্ৰ জাডেজাই।

author-image
Asomiya Pratidin
New Update
স্পীন বান্ধৱ হিমাচলত স্পীনাৰে খহালে আটাইকেটা উইকেট : কুলদীপ-অশ্বিনৰ স্পীন যাদুত বিপৰ্যস্ত ইংলেণ্ড

ডিজিটেল ডেস্ক : হিমাচল প্ৰদেশৰ নৈসৰ্গিক পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ অন্তিমখন মেচ। হিমাচল প্ৰদেশ ক্ৰিকেট সংস্থাৰ ষ্টেডিয়ামত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচত বিপৰ্যয়ৰ সন্মুখীন হৈছে আলহী দল ইংলেণ্ড।

Advertisment

ইতিমধ্যে ঘৰুৱা দল ভাৰতে ৩খন মেচত জয়ী হৈ শৃংখলা দখল কৰিছে। এইখন মেচ মাত্ৰ নিয়ম ৰক্ষাৰ বাবেহে। যি কি নহঁওক ; নিয়মৰক্ষাৰ মেচত হ'লেও যুৱ শক্তিৰে সম্বৃদ্ধ ভাৰতীয় দলৰ খেলুৱৈসকলে সৰ্বোচ্চ উজাৰি খেলিছে।

হিমাচলৰ শীতল বতাহত স্পীন বান্ধৱ হৈ পৰিছে পিটছ্। তাৰেই যেন পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে কুলদীপ-অশ্বিন যুটিয়ে। দুয়োৰে স্পীন আক্ৰমণত তাচপাতৰ দৰে খহিছে ইংলেণ্ডৰ বেটিং ক্ৰম।

অৱশ্যে ভাৰতীয় বলাৰৰ দপদপনিৰ মাজতে অপেনিং বেটাৰ জাক ক্ৰাউলিয়ে ৭৯ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হয়। বাকীসকল বেটাৰ আয়াৰাম-গয়াৰাম। কোনো এগৰাকী বেটাৰে ভাৰতীয় বলিঙক প্ৰত্যাহ্বান জনাব পৰা শক্তি দেখিবলৈ পোৱা নগ'ল।

প্ৰথম দিনটোতে আলহী দলটোৰ আটাইকেইটা উইকেটৰ পতন। কেইটা উইকেট হেৰুৱাই দলটোৱে সংগ্ৰহ কৰে মাত্ৰ ২১৮ ৰান। স্পীন তাৰকাত্ৰয় কুলদীপ৫,ৰবিচন্দ্ৰণ অশ্বিন ৪ আৰু আনটো উইকেট লাভ কৰে ৰবীন্দ্ৰ জাডেজাই।

ইফালে প্ৰথম দিনাৰ অন্তত ভাৰতে ১টা উইকেট হেৰুৱাই ১৩৫ ৰান সংগ্ৰহ কৰে। জয়ছোৱালে ৫৭ ৰান কৰি বিদায় ল'লেও তেওঁ আজিৰ এই মেচৰ জড়িয়তে টেষ্ট কেৰিয়াৰত ১০০০ৰান সংগ্ৰহ কৰাৰ কৃতিত্ব অৰ্জন কৰে। আনহাতে অধিনায়ক ৰোহিত শৰ্মা ৫২আৰু শুভমন গীলে ২৬ ৰানত কৰি ক্ৰিজত আছে।

Also Read: বিধায়ক-সাংসদৰ ঘনিষ্ঠ ঠিকাদাৰ ৰাজীৱ চাহুৰ বিৰুদ্ধে সৰৱ মৰনৈবাসী

kuldeep yadav cricket ind vs eng test ravichandran ashwin himachal pradesh