সংঘাত নহয়, এইবাৰ শান্তি আৰু সমন্বয়ৰ বাৰ্তাঃ প্ৰকৃতিৰ মনোৰম পৰিৱেশত পাদদেশীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ...

সংঘাত নহয়, এইবাৰ শান্তি আৰু সমন্বয়ৰ বাৰ্তাঃ প্ৰকৃতিৰ মনোৰম পৰিৱেশত পাদদেশীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ...
সংঘাত নহয়, এইবাৰ শান্তি আৰু সমন্বয়ৰ বাৰ্তাঃ প্ৰকৃতিৰ মনোৰম পৰিৱেশত পাদদেশীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ...

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰ অসম নাগালেণ্ড সীমান্তত সংঘাত নহয় । এইবাৰ দুয়োখন চুবুৰীয়া ৰাজ্য মাজত নাটকৰ জৰিয়তে শান্তি আৰু সমন্বয়ৰ বাৰ্তা ।

ঐতিহাসিক দিনৰে পৰা চলি অহা অসমীয়া আৰু নগাৰ মাজত সাতামপুৰুষীয়া শান্তি সম্প্ৰীতি সুদৃঢ় কৰি ৰখাৰ উদ্দেশ্য ২২ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অসম-নাগালেণ্ডৰ সীমান্তৰ তিতাবৰ বান্দৰচলিয়া পানীনৰা তাঁতী গাঁৱৰ প্ৰাকৃতিক বিনন্দীয়া পৰিবেশৰ মুকলি মঞ্চত অনুষ্ঠিত হৈছে পাদদেশীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ অৰ্থাৎ Foothils national drama festival ।

এই মহোৎসৱত দেশৰ বহুকেইটা নাট্য দলৰ লগতে নাগালেণ্ড চাৰিটা আৰু অসমৰ চাৰিটা মুঠ ৮ টা নাট্য দলে নাট প্ৰদৰ্শন কৰিব । আজি দুখনকৈ নাটক প্ৰদৰ্শন কৰা হয়। নাটকৰ লগতে অসম আৰু নাগালেণ্ডৰ বহুকেইটা সাংস্কৃতিক দলে বিভিন্ন জাতি জনগোষ্ঠীয় কলা- সংস্কৃতি প্ৰদৰ্শন কৰে ।

বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত নাট মহোৎসৱ শুভাৰম্ভ কৰে ঠেঙ্গাল কছাৰী স্বায়ত্ত-শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰীয়ে । নগা পাহাৰ পৰা বাঁহ আৰু ভৈয়ামৰ পৰা ধানৰ নৰাখেৰ আনি পাহাৰীয়া মুকলি পৰিবেশত আটকধুনীয়াকৈ নিৰ্মাণ কৰিছে মুকলি মঞ্চ আৰু আসন। এক মনোৰম প্ৰাকৃতিক পৰিবেশত ব্যতিক্ৰম ৰূপত নাট উপভোগ কৰিছে ভিন্ন প্ৰান্তৰ পৰা অহা অসংখ্য নাট্যপ্ৰেমী ৰাইজে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in