চিৰাঙৰ এখন চিকিৎসালয়ৰ নগ্ন ৰূপ! তিনি মাহত ২১ টি নৱজাতকৰ মৃত্যু

পৰিবৰ্তনৰ শ্লোগানেৰে বিটিচিৰ শাসনভাৰ লাভ কৰিয়েই বিটিচি প্ৰধান প্ৰমোদ বড়োই আকস্মিক পৰিদৰ্শন কৰিছিল চিৰাঙৰ কাজলগাঁও স্থিত জৌহৌলাও সৌমব্লা বসুমতাৰী অসামৰিক চিকিৎসালয়খন ।
চিৰাঙৰ এখন চিকিৎসালয়ৰ নগ্ন ৰূপ! তিনি মাহত ২১ টি নৱজাতকৰ মৃত্যু

ডিজিটেল সংবাদ, চিৰাং : পৰিবৰ্তনৰ শ্লোগানেৰে বিটিচিৰ শাসনভাৰ লাভ কৰিয়েই বিটিচি প্ৰধান প্ৰমোদ বড়োই আকস্মিক পৰিদৰ্শন কৰিছিল চিৰাঙৰ কাজলগাঁও স্থিত জৌহৌলাও সৌমব্লা বসুমতাৰী অসামৰিক চিকিৎসালয়খন । ভ্ৰমণকালত যথেষ্ট বিসংগতি ধৰা পেলাইছিল চিকিৎসালয় খনত । লগতে প্ৰতিশ্ৰুতি দি গৈছিল যে এই চিকিৎসালয় খনক অসমৰ ভিতৰত এখন উন্নত মানৰ চিকিৎসালয় হিচাপে গঢ় দিয়া হ'ব, যাতে এই অঞ্চলৰ দুখীয়া ৰাইজে উন্নত চিকিৎসা সেৱা লাভ কৰিব পাৰে।

কিন্তু চিৰাঙৰ কাজলগাঁৱৰ সেই জৌহৌলাও সৌমব্লা বসুমতাৰী অসামৰিক চিকিৎসালয় খন সম্প্রতি উন্নত চিকিৎসা দুৰৰ কথা প্রসূতি মহিলা আৰু নৱজাতকৰ বাবে এক অভিশপ্ত ঠাই হিচাপে চিহ্নিত হ'বলৈ গৈ আছে । কাৰণ বিগত তিনিমাহত চিৰাঙৰ এই চৰকাৰী চিকিৎসালয় খনত এটি দুটি নহয় ২১ টাকৈ নৱজাতক শিশুৰ কৰুণ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে ।

চিকিৎসালয় খনৰ তথ্য অনুযায়ী চলিত বৰ্ষৰ অক্টোবৰ মাহত ৫ টি নৱজাতকৰ মৃত্যু হোৱাৰ বিপৰীতে নৱেম্বৰ মাহত ৯ টি আৰু ডিচেম্বৰ মাহত আজিলৈকে ৭ টি নৱজাতকৰ মৃত্যু হয় । তাৰে ভিতৰত প্ৰসূতি মাতৃৰ মৃত্যুৰ ঘটনাও আছে ।

লক্ষ্যনীয় যে মাত্ৰ তিনিমাহৰ ভিতৰতে উদ্বেগজনক হাৰত নৱজাতকৰ মৃত্যু হোৱা বিষয়টো কাজলগাঁৱৰ জৌহৌলাও সৌমব্লা বসুমতাৰী অসামৰিক চিকিৎসালয় কতৃপক্ষই ইমান দিনে গাপ দি ৰাখিছিল । কিন্তু বৃহস্পতিবাৰ নিশা অৰ্থাৎ এটা নিশাৰ ভিতৰতে চিকিৎসালয় খনত জন্ম হোৱাৰ পিছতেই দুটিকৈ নৱজাতক শিশুৰ অস্বাভাৱিক মৃত্যু ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ সাংবাদিক সকলৰ অনুসন্ধানত চিকিৎসালয়টোৰ এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।

এটা নিশাৰ ভিতৰতে দুটিকৈ নৱজাতকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় খনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় । প্ৰাপ্ত খবৰ অনুযায়ী চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ ফুলগুৰীৰ বাসিন্দা জনেন ব্ৰহ্মৰ গৰ্ভৱতী পত্নী সুলেখা ব্ৰহ্মৰ নিশা প্ৰসৱকালীন বেদনা অনুভৱ কৰাত নিজ গৃহত নাৰাখি সন্তান সুকলমে ভূমিষ্ঠ কৰাৰ আশাৰে নিশা ১২ বজাত জৰুৰীকালীন ১০৮ এম্বুলেঞ্চ যোগে কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ত আনি ভৰ্তি কৰায় ।

সেই সময়ত প্ৰসূতিৰ প্ৰসৱ কোঠালীত কৰ্তব্যৰত চিকিৎসক অনুপস্থিত থকাত নাৰ্ছ সকলে স্বাভাবিক প্ৰক্ৰিয়াৰে পুত্ৰ সন্তান জন্ম দিয়ে । কিন্তু জন্মৰ পিছতেই নৱজাতকটিয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নকৰাত নাৰ্ছৰ পৰামৰ্শ অনুযায়ী অভিভাৱকে চিকিৎসকক কোঠালীৰ পৰা মাতি আনে । কিন্তু তাতো কোনো ফল নধৰাত শিশুটিক এম্বুলেঞ্চ যোগে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে।

উপায়বিহীন দুৰ্ভগীয়া পিতৃ জনেন ব্ৰহ্মই নিজৰ মৃত নৱজাতক পুত্ৰ সন্তানৰ মৃতদেহ লৈ পুনৰ জেএচবি অসামৰিক চিকিৎসালয়ত উভতাই আনে । ইপিনে পুৱতি নিশা চাৰি বজাত চিৰাং জিলাৰ গৰুভাষাৰ আমিনগাঁৱৰ বাসিন্দা বীৰদাউ গয়াৰীৰ গৰ্ভৱতী পত্নী ছনেলা গয়াৰীক জেএচবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।

এইবাৰ চিকিৎসকৰ উপস্থিতিত অস্ত্ৰপচাৰ যোগে এটি কন্যা সন্তানৰ জন্ম দিয়ে যদিও দুৰ্ভাগ্যজনক কথা কন্যা সন্তানটি পৃথিৱীৰ পৰা বিদায় মাগে । এটা নিশাৰ ভিতৰতে দুটিকৈ নৱজাতকৰ অস্বাভাৱিক মৃত্যুৰ খবৰ বিয়পি পৰাত চিকিৎসালয় চৌহদত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

আজি পুৱা সাংবাদিকৰ এটা দলে বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে শিশু মৃত্যুৰ আঁৰত কৰ্তব্যৰত নাৰ্ছ-স্বাস্থ্যকৰ্মীৰ গাফিলতি আৰু ধনদাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয় । অভিযোগ অনুসৰি চৰকাৰী চিকিৎসালয়টোৰ প্ৰসূতি বিভাগলৈ অহা কোনো এজন গৰ্ভৱতী মহিলা নাইবা অভিভাৱক প্ৰসূতি বিভাগত কৰ্মৰত নাৰ্ছ বা স্বাস্থ্যকৰ্মীৰ নিয়মিত ধনদাবীৰ পৰা কোনেও সাৰি যাব নোৱাৰে ।

নিশাৰ ভিতৰতে নিজৰ সদ্যোজাত সন্তানক হেৰুৱাই শোকস্তব্ধ পিতৃ এজনো সাৰি যাব পৰা নাই কৰ্তব্যৰত নাৰ্ছ বা স্বাস্থ্যকৰ্মীৰ অমানৱীয় ধনদাবীৰ পৰা । ভুক্তভোগী পিতৃ জনেন ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে নিশা যেতিয়া তেওঁৰ গৰ্ভৱতী পত্নীক চিকিৎসালয় খনত আনিছিল তেতিয়া কৰ্তব্যৰত নাৰ্ছ সকলৰ ব্যবহাৰ নাৰ্ছ সূলভ নাছিল । তাৰে এজনীয়ে পত্নীক প্ৰসূতিগৃহত প্ৰৱেশ কৰাৰ আগতেই ২৫০০ হেজাৰ টকা দাবী কৰে ।

আগধন হিচাপে কৰ্তব্যৰত নাৰ্ছ সকলে জনেন ব্ৰহ্মৰ পৰা নিশা ১০০০ হেজাৰ আদায় কৰে । অতিকৈ লজ্জাজনক কথা যে নিজৰ সদ্যোজাত পুত্ৰ সন্তানৰ মৃত্যু হোৱাৰ পিছতো আৰু পুৱতি নিশা বাকি ১৫০০ দাবী কৰে আৰু মুঠ ২৫০০ টকা আদায় কৰি লয় বুলি অভিযোগ কৰে । ইপিনে গৰুভাষাৰ আমিনগাঁৱৰ বীৰদাউ গয়াৰীৰ কন্যা সন্তানৰ মৃত্যুৰ পিছতো স্বাস্থ্যকৰ্মী সকলে নিৰ্লজ্জ ভাবে তেখেতৰ পৰাও ১৫০০ টকা আদায় কৰি লয় বুলি সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি দিয়ে ।

লক্ষ্যনীয় বিষয় যে কাজলগাঁৱৰ এইখন জেএচবি অসামৰিক চিকিৎসালয়ত দুটিকৈ নৱজাতক শিশুৰ মৃত্যু আৰু নাৰ্ছ বা স্বাস্থ্যকৰ্মী সকলৰ দ্বাৰা ৰোগী প্ৰসূতি নাইবা অভিভাৱকৰ পৰা অবৈধ ধনদাবী কৰা বিষয়টো সন্দৰ্ভত সাংবাদিক সকলে জৌহৌলাও সৌমব্লা বসুমতাৰী অসামৰিক চিকিৎসালয়ৰ চুপাৰ ডাঃ পি,কে, দাসক প্ৰশ্ন কৰে। তেওঁ প্ৰথমে বিভিন্ন অজুহাত দেখুৱাই নৱজাতক শিশুৰ মৃত্যু সন্দৰ্ভত বিশেষ একো তথ্য দিয়াৰ পৰা বিৰত থাকে কিন্তু ধনদাবী কৰা বিষয়টোৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ।

লক্ষ্যনীয় বিষয় যে যেতিয়াই জেএচবি অসামৰিক চিকিৎসালয়ত উদ্বেগজনক হাৰত নৱজাতক শিশুৰ মৃত্যুৰ খবৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ লোকে প্ৰশ্ন কৰাত বৰ্তমান তেখেতৰ হাতত কোনো সঠিক তথ্য নাই বুলি ডাঃ পি,কে, দাসে সদৰি কৰি বিয়লিলৈকে সময় বিচাৰে ।

সেই মতে বিয়লিৰ ভাগত পুনৰ সাংবাদিক সকলে গৈ প্ৰশ্ন কৰাত চলিত বৰ্ষৰ অক্টোবৰ মাহত ৫ টি , নৱেম্বৰ মাহত ৯ টি আৰু ডিচেম্বৰ মাহত ৭ টি মুঠ ২১ টা নৱজাতকৰ বিভিন্ন কাৰণত মৃত্যু হোৱা বুলি সদৰি কৰে ডাঃ পি,কে, দাস । তাৰে অধিকাংশ গৰ্ভৱতী মহিলাক মুমূৰ্ষ সময়ত চিকিৎসালয়ত অনাৰ সময়ত মাতৃৰ গৰ্ভতে শিশুৰ মৃত্যুৰ কাৰণ বুলি দাবী কৰে ডাঃ পি,কে, দাসে । ইপিনে জেএচবি অসামৰিক চিকিৎসালয় খনত নৱজাতক শিশুৰ অস্বাভাৱিক হাৰত মৃত্যুৰ লগে লগে প্ৰসূতি মহিলা মৃত্যুৰ সংখ্যাও যথেষ্ট বুলি জানিব পৰা গৈছে ।

আৰু পঢ়ক: দেশী-বিদেশী পক্ষীৰ কোৰ্হালত প্ৰাণচঞ্চল পক্ষীবিল মতাপুং মাগুৰি বিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in