যদি ভাল বন্ধু আছে, তেন্তে আপুনি সৌভাগ্য়বান...

বন্ধু! এক এনে সম্পৰ্ক যত থাকে নিৰ্ভেজাল মৰমৰ সমাহাৰ। সুখত নহলেও দুখৰ সময়ত যাৰ কান্ধত মূৰটো থৈ বিচাৰি পোৱা যায় সমস্ত সুখ।

author-image
Asomiya Pratidin
New Update
যদি ভাল বন্ধু আছে, তেন্তে আপুনি সৌভাগ্য়বান...

বৰষা শৰ্মা

Advertisment

বন্ধু! এক এনে সম্পৰ্ক য'ত থাকে নিৰ্ভেজাল মৰমৰ সমাহাৰ। সুখত নহ'লেও দুখৰ সময়ত যাৰ কান্ধত মূৰটো থৈ বিচাৰি পোৱা যায় সমস্ত সুখ। পৰিয়ালৰ নহ'লেও পৰিয়ালতকৈ আপোন, সকলোতকৈ আপোন সেই সম্পৰ্কটোৰ নামেই বন্ধুত্ব।

বন্ধুৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই। কিন্তু যাৰ জীৱনত এজন প্ৰকৃত বন্ধু থাকে তেওঁৰ সমান সুখী আৰু পৃথিৱীত কোনোৱে নাই। সেই বন্ধুজন আপোনাৰ মাতৃ,পিতৃ বা যিকোনো এজনেই হ'ব পাৰে।

বন্ধু মানুহৰ জীৱনত এক অসাধাৰণ উপহাৰ। বন্ধুত্ব হৈছে এজনৰ আনজনৰ প্ৰতি থকা মৰম-চেনেহ, বিশ্বাস আৰু এক ভাললগা অনুভূতি। বাৰ্ণাৰ্ড মেল্টজাৰে কৈছিল, "প্ৰকৃত বন্ধু সেইজন, যিজনে ভাবে যে তুমি এটা নিখুঁত কণী , যদিওবা তেওঁ জানে, যে তুমি আংশিক ভাবে ভঙা'' ।

বন্ধুত্বত আছে ত্যাগ। অতি প্ৰিয়জনৰ আগতো ক'ব নোৱাৰা কথা বন্ধুৰ আগত ক'ব পাৰি। বন্ধুৰসৈতে সময় কেনেদৰে পাৰ হয় ধৰিবই নোৱাৰি। বন্ধুত্ব এনে এক সম্পৰ্ক য'ত নিজকে সুৰক্ষিত অনুভূৱ কৰা হয়।

বন্ধুত্ব আমি সৰুৰে পৰা পাঁও। সেয়া লাগিলে খেলা-ধূলা কৰাৰ সময়তে হওক বা পঢ়া-শুনা কৰা সময়তে হওক। বন্ধুত্বৰ পৰিসৰ বৃদ্ধি হয়। হোষ্টেলৰ পৰা আৰম্ভ কৰি কৰ্মক্ষেত্ৰলৈ বন্ধু বিচাৰি পাঁও। ইয়াৰে কিছুমান সম্পৰ্ক চিৰ জীৱন থাকি যায় আৰু কিছুমান হেৰাই যায়।

সমাজ আধুনিক হ'ল। কিন্তু এই আধুনিক সমাজত যেন বন্ধুত্বৰ সম্পৰ্কও কিছু পৰিমাণে সলনি ঘটিল। সম্পৰ্কবোৰ যেন হেৰাই গৈছে। মানুহৰ স্বাৰ্থৰ মাজত বন্ধুত্বৰ পবিত্ৰ সম্পৰ্কৰ মৰ্যাদা আৰু বিশ্বাসযোগ্যতা হেৰাই গৈছে।

নতুন প্ৰজন্মই যেন সম্পৰ্কবোৰ সংকুচিত কৰি পেলালে। সেয়ে কোৱা হয়, আজিৰ কালত এজন ভাল বন্ধু থকাজন সৌভাগ্যবান।

কিমান যান্ত্ৰিক হৈ গৈছো আমি। সেই যান্ত্ৰিকতাৰ মাজত স্বাভাৱিক আত্মীয়তাৰে গঢ় লৈ উঠা সম্পৰ্কই মানুহৰ মনোজগতত প্ৰভাৱ পেলায়। পুৰণি সেই দিনবোৰ সোঁৱৰাই দিয়ে।

হয়তো আজি বন্ধুত্ব দিৱসৰ দিনাও কোনোৱে এচুকত বহি মনত কৰিছে পুৰণি বন্ধুজনৰ কথা। হয়তো ফোনটো কৰিম বুলি ভাবিও ৰৈ গৈছে আপোনাৰ হাত খন। হয়তো ক'ব নোৱোৰাকৈ আহি পৰিছে এক ব্যৱধান।

যিজন বন্ধু নহ'লে আপুনি স্কুললৈ নগৈছিল, যিজন বন্ধুক এৰি এটা সৰু বস্তু নাখাইছিল সেই বন্ধুজনৰ ছাগে আজি আপুনি খবৰো নাপায়।

হোষ্টেলৰ সেই বন্ধু জন, যাৰ সৈতে আপুনি ওৰে নিশা আড্ডা দিছিল, যাৰ সৈতে কাজিয়া কৰিছিল, যাৰ কান্ধত মূৰতো থৈ কান্দিছিল, হাঁহিছিল ,ৰাখিছেনে সেইজন বন্ধৰ খবৰ?

আমি সকলো যান্ত্ৰিক হৈ পৰিছো। সকলো থাকিও আজি মানুহৰ মাজত মৰমৰ অভাৱ। এজন ভাল বন্ধুৰ অভাৱ। আধুনিকতাৰ পিছে পিছে ইমানেই দৌৰিছো যে সকলো পিছ পৰি ৰৈছে।

এতিয়াও সময় আছে। ফোনটো উঠাই লওক আৰু সেই আপোনজনক সোধক কেনে আছে বুলি। হয়তো সেই সামান্য সুযোগ এটা তেওঁৱো বিচাৰি আছে। হয়তো আপোনাৰ দৰে তেওঁকো আপোনাৰ প্ৰয়োজন। আপুনিয়েই দিয়কচোন সেই সুযোগকন।

বন্ধুত্বত বাখ্যাৰ প্ৰয়োজন নাই। আপোনাৰ এটা শব্দই হয়তো ভাঙি শেষ কৰি পেলাব সকলো বাধাৰ প্ৰাচীৰ। আমাৰ সুখ আমাৰ হাততেই আছে। সুখ বিচৰাতো ইমান কঠিনো নহয়।

সামাজিক দৃষ্টিকোণেৰে বন্ধুৰ বাখ্যা, ব্যক্তিগত দৃষ্টিকোণেৰে বন্ধুৰ সংজ্ঞা পৃথক হ'ব পাৰে। কিন্তু বন্ধুৰ উদ্দেশ্য একেই। সমাজপ্ৰিয় মানুহৰ বাবে বন্ধু জীৱনৰ এক অভিন্ন অংগ। আৰু আপোনাৰ যদি এজন ভাল বন্ধু আছে তেন্তে আপুনি সৌভাগ্যবান।

Also Read: হেল্ল' ফেঞ্চী বজাৰ: চাউলত ১০ টকা,দাইলত ৪০ টকাকৈ বঢ়াতো সঁচানে মিছা?

friendship day