হোজাইত মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী আদিবাসী ফুটবল প্ৰতিযোগিতা

হোজাইত মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী আদিবাসী ফুটবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ,মোৰাঝাৰ : হোজাইত মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী আদিবাসী ফুটবল প্ৰতিযোগিতা। জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু অসম চাহ শ্ৰমিক আদিবাসী কল্যাণ সমিতিৰ যুটীয়া তত্বাৱধানত হোজাইত অনুষ্ঠিত কৰা হৈছে উক্ত প্ৰতিযোগিতাখন।

যোৱা ১৮ জুলাইত 'মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা'ৰ বাবে বাচনি প্ৰক্ৰিয়া ১৯ অনুৰ্ধৰ ল'ৰাৰ মাজত হোজাইৰ বৰহোলা জয়হিন্দ প্লে গ্ৰাউণ্ডত (বৰহোলা এম ই স্কুলৰ খেলপথাৰত) অনুষ্ঠিত হৈ যায়। হোজাই সমষ্টিৰ পৰা মুঠ ৪টা দলে অংশগ্ৰহণ কৰা এই বাচনি প্ৰতিযোগিতাত বিডিং বস্তি সূৰ্যজ্যোতি ক্লাবে বৰহোলা ক্লাবক ৫-৪ গ'লত পৰাস্ত কৰি হোজাই সমষ্টিৰ পৰা নিৰ্বাচিত দলৰ খিতাপ অৰ্জন কৰে।

আনহাতে হোজাই মহকুমাৰ লামডিং সমষ্টিৰ পৰাও নিৰ্বাচিত দলৰ খিতাপ অৰ্জন কৰা দল আদিবাসী ইয়ং ষ্টাৰ ক্লাবৰ, খ্ৰিং খ্ৰিং লগত অহা ২১জুলাইত বৰহোলা জয়হিন্দ প্লে গ্ৰাউণ্ডতে প্ৰতিযোগিতাখনিৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। এই বাচনি প্ৰক্ৰিয়াৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰামকৃষ্ণ ঘোষ।

ইয়াৰোপৰি আন ব্যক্তিসকলৰ ভিতৰত উপস্থিত থাকে চাহ জনজাতি আৰু আদিবাসী কল্যাণ সমিতিৰ সভাপতি দেবেন তাঁতি, প্ৰাক্তন ফুটবল খেলুৱৈ গৌতম মুণ্ডা, জিলা ক্ৰীড়া বিষয়া দ্বীপৰাজ সোণোৱাল আৰু ৰাইজ।

হোজাইত মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী আদিবাসী ফুটবল প্ৰতিযোগিতা
ঢকুৱাখনা এক্টিং একাডেমীৰ উদ্যোগত গীত-নৃত্যৰ কৰ্মশালা : শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in