ঢকুৱাখনা এক্টিং একাডেমীৰ উদ্যোগত গীত-নৃত্যৰ কৰ্মশালা : শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

ঢকুৱাখনা এক্টিং একাডেমীৰ উদ্যোগত গীত-নৃত্যৰ কৰ্মশালা : শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা এক্টিং একাডেমীৰ উদ্যোগত গীত-নৃত্যৰ কৰ্মশালা : শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ

ডিজিটেল সংবাদ ,ঢকুৱাখনা : ঢকুৱাখনাৰ এজাক শিশুৰ মাতত মুখৰিত হৈছে এক্টিং একাডেমী। কোনোৱে লিখিছে,আঁকিছে, গাইছে,নাচিছে আৰু কোনোৱে খেলিছে ।অঞ্চলটোৰ শিশু, কিশোৰসকলে নিজস্বভাৱে কিবা এটা কৰাৰ বাবে একাগ্ৰ চেষ্টাত ব্ৰতী হৈছে। মুঠতে কৰ্ম ব্যস্ততাৰ এক যাত্ৰা ।

Advertisment

নৃত্য-গীতৰ লগতে সুকুমাৰ কলাৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণৰ হৃদয়স্পৰ্শী মাদকতাৰ বাঙ্ময় পৰিৱেশত আচ্ছন্ন এইসকল কিশোৰ কিশোৰী। প্ৰাত্যহিক বিদ্যায়তনিক ব্যস্ততাৰ মাজতে এনেবোৰ শিক্ষাৰ্থীৰ বৌদ্ধিক ,সাংস্কৃতিক, দৈহিক , সুকুমাৰ কলাৰ উৎকর্ষ সাধনৰ উদ্দেশ্যেৰে ঢকুৱাখনাত অনুষ্ঠিত হয় এক কৰ্মশালা। এই কৰ্মশাালতে প্ৰশিক্ষণ গ্ৰহণ কৰিছে এইসকল ছাত্ৰ ছাত্ৰীয়ে।

অসমৰ আন আন বিদ্যালয়ৰ লগতে ঢকুৱাখনা এক্টিং একাডেমীয়েও গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত এইসকল শিক্ষাৰ্থীক এনেবোৰ পৰিৱেশ্য কলাৰ ওপৰত এক কৰ্মশালা অনুষ্ঠিত কৰিছে। অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান এক্টিং একাডেমীৰ উদ্যোগত ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত গ্ৰীষ্মকালীন শিবিৰত মহকুমা সদৰৰ ২ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ কেইবাগৰাকী বিশেষজ্ঞ প্ৰশিক্ষক ,নাট্য সাধক, নৃত্য পৰিচালকৰ তত্বাৱধানত যোৱা ৩ জুলাইৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালা অহা ২৩ জুলাই পৰ্যন্ত চলিব বুলি একাডেমীৰ পৰিচালনা সমিতিৰ সম্পাদক নাট্য সাধক গৌৰৱ বৰুৱাই জানিবলৈ দিছে। বিগত ৮বছৰীয়া পৰম্পৰা অক্ষুন্ন ৰাখি চলিত শিক্ষা বৰ্ষতো অনুষ্ঠিত কৰা এই প্ৰণালীৱব্ধ গীত নৃত্য ,সুকুমাৰ কলা আৰু নাট্য প্ৰশিক্ষণৰ জৰিয়তে কণ কণ শিক্ষাৰ্থীসকল বহুলাংশে উপকৃত হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে ।

Also Read: মণিপুৰ কাণ্ডত স্তম্ভিত দেশঃ উচ্চতম ন্যায়ালয়ৰ পৰা অক্ষয় কুমাৰলৈ সকলোৰে প্ৰতিক্ৰিয়া...

dhakuakhana workshop