কামপুৰত খাদ্যত বিষক্ৰিয়া

কামপুৰত খাদ্যত বিষক্ৰিয়া

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত বৃহস্পতিবাৰে খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত ৪ জনকৈ লোক অসুস্থ হৈ পৰে । প্ৰাপ্ত খবৰ অনুসৰি, কামপুৰ মাজৰআটি গাঁৱৰ কেইজন যুৱক মিলি আজি বনভোজ খাইছিল । বনভোজ খোৱাৰ পিছৰে পৰা চাৰিজন যুৱকে ধাৰাসাৰ বমি কৰিবলৈ ধৰাত খাদ্যত বিষক্ৰিয়া হোৱা বুলি সন্দেহ কৰা হৈছে ।

উল্লেখ্য যে বনভোজকাৰী দলটোৱে যিখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা খাদ্য সামগ্ৰী ক্ৰয় কৰিছিল, সেই দোকানীজনে তেওঁলোকক ম্যাদ উকলা মিঠাতেল দি পঠাইছিল । ম্যাদ উকলা মিঠাতেল ব্যৱহাৰ কৰা বাবেই যুৱক কেইজন অসুস্থ হৈ পৰা বুলি সন্দেহ কৰা হৈছে। অসুস্থ যুৱককেইজন হৈছে পুতু নাথ, হীৰকজ্যোতি ভূঞা,  দ্বীপমণি বৰা আৰু চম্পক বৰা । অসুস্থ আটাইতকৈ ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

কামপুৰত খাদ্যত বিষক্ৰিয়া
লখিমপুৰ মইনাপৰা প্রাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী দেৱযানী দত্তক বিদায় সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in