ধূপধৰাত খাদ্যত বিষক্ৰিয়াঃ অৰ্ধ শতাধিক পুৰুষ মহিলা অসুস্থ

বৰ্তমানে ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়ত ৩০ৰো অধিক পুৰুষ-মহিলা চিকিৎসাধীন হৈ আছে
ধূপধৰাত খাদ্যত বিষক্ৰিয়াঃ অৰ্ধ শতাধিক পুৰুষ মহিলা অসুস্থ

ডিজিটেল সংবাদ, ধূপধৰাঃ ধূপধৰা থানাৰ অধীনৰ কোঠাকুঠিৰ নিকটৱৰ্ত্তী মৰিয়মপুৰত বুধবাৰে খাদ্যত বিষক্ৰিয়া হৈ ৫০ৰো অধিক লোক অসুস্থ হৈ চিকিৎসাধীন হ'বলগীয়া হয় ৷ ইয়াৰে কেবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে ধূপধৰাৰ সমীপৰ অসম- মেঘালয় সীমান্তৱৰ্তী মৰিয়মপুৰ গাঁৱত আজি দুপৰীয়া বিনচেং মাৰাক নামৰ গাৰো সম্প্ৰদায়ৰ লোকজনৰ প্ৰয়াত শাহুয়েকৰ  প্ৰাৰ্থনাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰি তেওঁৰ ঘৰত এক ভোজৰ আয়োজন কৰে ৷ উক্ত অনুষ্ঠান আৰু ভোজত গাঁৱখনৰ প্ৰায় ২ শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

দুপৰীয়া ভোজত খাদ্য গ্ৰহণ কৰাৰ পিচতে সন্ধিয়া বহুতো লোক অসুস্থ হৈ পৰে আৰু গাঁৱখনত হুৱাদুৱা লাগে ৷ এই ঘটনাৰ পিচতে ধূপধৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অসুস্থ হৈ পৰা লোকসকলক ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয় আৰু ৰংজুলিত চিকিৎসাৰ ব্যৱস্থা কৰে ৷

বৰ্তমানে ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়ত ৩০ৰো অধিক পুৰুষ-মহিলা চিকিৎসাধীন হৈ আছে ৷ ইয়াৰে দুজনৰ অৱস্থা সংকটজনক হোৱা বাবে গোৱাপাৰালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

অৱশ্যে অসুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ একাংশ স্থানীয় লোকে জনোৱা অনুসৰি ভোজত চালানী মাছৰ ব্যৱস্থা আছিল আৰু সেই মাছ খায়েই লোকসকল অসুস্থ হ'ব পাৰে বুলি সন্দেহ কৰিছে।

ধূপধৰাত খাদ্যত বিষক্ৰিয়াঃ অৰ্ধ শতাধিক পুৰুষ মহিলা অসুস্থ
টিহুৰ বালিত গিৰিধৰ শৰ্মাক স্মৰণ নলবাৰী জিলা সাহিত্য সভাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in