/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b0e1ec9e-4701-492a-8624-957b82559658/07.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যৰ খাদ্য অসামৰিক, যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ যোগান পৰিদৰ্শকসকলক ৰাজ্যৰ বিভিন্ন স্থানলৈ বদলি কৰাৰ নিৰ্দেশ সন্দৰ্ভত ২১ জুলাইত এখন তালিকা প্ৰকাশ কৰা হৈছিল। বিগত ২১ জুলাইত প্ৰকাশিত নিৰ্দেশনা তালিকা অনুসৰি ১২৫জন যোগান পৰিদৰ্শকক বিভিন্ন স্থানলৈ বদলিকৰণৰ নিৰ্দেশ প্ৰদান কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f4e531df-536f-4534-a76a-91c0a64d2788/bf186324_47db_4780_86bb_4bc00a72d9d1.jpg)
কিন্ত লক্ষ্যণীয় বিষয় এই যে, আজি পৰ্যন্ত ৮০% যোগান পৰিদৰ্শকে সংশ্লিষ্ট কৰ্মস্থানত যোগদান কৰা নাই। উক্ত বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হৈছে।
ইতিমধ্যে যিসকল বিষয়া-কৰ্মচাৰীয়ে উক্ত নিৰ্দেশনাৰ প্ৰতি গুৰুত্ব নিদি সংশ্লিষ্ট কৰ্মস্থানত যোগদান কৰা নাই তেওঁলোকৰ বিৰুদ্ধে যিকোনো মুহূৰ্তত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যোগান বিভাগে এই নিৰ্দেশনাৰ সংশোধনী প্ৰস্তাৱ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8b2bf681-df18-4ab4-82e3-317349a0fda2/d2442824_a686_440b_9f91_ec0b101dbe14.jpg)
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উক্ত প্ৰস্তাৱ নাকচ কৰিছে। যিকোনো মুহূৰ্তত বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
Also Read: মই বিশ্বাসঘাতক বিজেপিত কেনেকৈ থাকিম : ৰমাকান্ত দেউৰী