স্বাধীনতা সংগ্ৰামী প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ নামত এখন উৰণীয়া সেতু...

স্বাধীনতা সংগ্ৰামী প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ নামত এখন উৰণীয়া সেতু...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ অন্যতম বাণিজ্যিক চহৰ বাসুগাঁও চহৰৰ মাজেদি যোৱা কাশিকোত্ৰা-বাসুগাঁও-তালগুৰী সংযোগী গড়কাপ্তানী পথৰ ৰে'লৰ ওপৰেদি নৱনিৰ্মিত উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য ইতিমধ্যেই ৯৯ শতাংশ কাম সম্পূৰ্ণ হৈছে। উৰণীয়া সেতুৰ নিৰ্মাণকাৰী সংস্থা হাইটেক কনষ্ট্ৰাকছন কোম্পানীয়ে ২০১৯ চনৰ অক্টোবৰ মাহৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল আৰু চলিত মাহৰ ভিতৰতে নিৰ্মাণকাৰী সংস্থাটোয়ে লোকনিৰ্মাণ বিভাগৰ হাতত অৰ্পণ কৰিব।

খুব সময়ৰ ভিতৰতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাসুগাঁও চহৰৰ এই নৱনিৰ্মিত উৰণীয়া সেতুৰ শুভ উদ্বোধন কৰিব বুলি বিভিন্ন দল সংগঠনৰ লগতে ৰাইজৰ মাজত চৰ্চা চলি আছে। তাৰ মাজতেই বাসুগাঁও চহৰৰ নৱনিৰ্মিত ৰে'লপথৰ উৰণীয়া সেতুৰ নামাকৰণক লৈ বিভিন্ন জাতি-জনগোষ্ঠী তথা দল-সংগঠনৰ মাজত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। বড়ো দল-সংগঠনৰ পৰা বাসুগাঁও চহৰৰ প্ৰয়াত স্বাধীনতা সংগ্ৰামী তথা বড়ো বিজৌংনি ফাইখী যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ নামত উৎসৰ্গিত কৰাৰ দাবী উত্থাপন কৰাৰ সময়তে কোচ-ৰাজবংশী জনগোষ্ঠীয় দল-সংগঠনৰ পৰা চিদলী ইষ্টেটৰ মহাৰজা অজিত নাৰায়ণ দেৱৰ নাম উত্থাপিত কৰিছে।

ইপিনে সদৌ বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত বিভিন্ন বঙালী দল-সংগঠন ফালৰ পৰা ঐক্যবদ্ধ ভাৱে স্বামী বিবেকানন্দ, ৰবীন্দ্ৰ সেতু নাইবা নেতাজী সুভাষ সেতু মুঠ তিনিজন মনীষীৰ নাম উল্লেখ কৰি দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। এই সংক্ৰান্তত সদৌ বিটিআৰ বেঙ্গলী যুৱ-ছাত্ৰ ফেডাৰেচনৰ এটা প্ৰতিনিধি দলে জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। শুকুৰবাৰে প্ৰতিনিধি দলটোয়ে উক্ত স্মাৰক পত্ৰৰ এটা প্ৰতিলিপি বিটিচি প্ৰধান প্ৰমোদ বড়োক প্ৰদান কৰে।

উক্ত স্মাৰক পত্ৰ লাভ কৰাৰ পিছতে প্ৰমোদ বড়োই প্ৰতিনিধি দলটোক জনাই যে- বাসুগাঁও চহৰৰ নৱনিৰ্মিত উৰণীয়া সেতুৰ নামাকৰণৰ বাবে বিটিচি প্ৰশাসন ফালৰ পৰা বাসুগাঁও চহৰৰে সকলৰ শ্ৰদ্ধাৰ স্বাধীনতা সংগ্ৰামী তথা বড়ো বিজৌংনি ফাইখী প্ৰয়াত যোগেন্দ্ৰ বসুমতাৰীৰ নামত উৎসৰ্গিত কৰি প্ৰস্তাৱ অসম চৰকাৰলৈ ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে আৰু তেখেতৰ নামতে বাসুগাঁও নৱনিৰ্মিত উৰণীয়া সেতু উৎসৰ্গিত কৰা হ'ব বুলি জানিবলৈ দিয়ে।

আমাৰ দেশৰ এগৰাকী স্বাধীনতা সংগ্ৰামীৰ নামত উৎসৰ্গিত কৰাৰ সিদ্ধান্তক লৈ যাতে কোনেও আৰু বিতৰ্কৰ সৃষ্টি নকৰে তাৰ বাবে প্ৰমোদ বড়োৱে সকলো পক্ষকে আহ্বান জনায়। যদি প্ৰয়োজন হয় বাসুগাঁও ৰাইজৰ সন্মান জনাই বাসুগাঁও চহৰত এই ৩মনিষীৰ নামত আন কোনো প্ৰকল্প হাতত ল'ব পৰা যায় নেকি তাৰ প্ৰস্তাৱ আগবঢ়াই প্ৰতিনিধি দলটোক।

স্বাধীনতা সংগ্ৰামী প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ নামত এখন উৰণীয়া সেতু...
সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই সংবাদমেল কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in