বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ

ডিজিটেল সংবাদ,বিশ্বনাথ : ভদীয়া বানত এইবাৰ প্লাৱিত হৈছে বিশ্বনাথৰ বিস্তীৰ্ণ অঞ্চল। দেওবাৰৰ নিশা প্ৰবল বৃষ্টিপাতৰ ফলত সোমবাৰে অভিভাৱকৰ কান্ধত উঠি কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব লগা পৰিস্থিতি হৈছে।

প্ৰৱল বৃষ্টিপাতৰ বাবে বিশ্বনাথৰ উত্তৰাঞ্চল পাভৈৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী কাৰ্বিব্লক,ৰূপা,মইনাশ্ৰীকে আদি কৰি বহুকেইখন গাঁৱত পাহাৰৰ পৰা নামি অহা পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰি তুলিছে ৷ ফলত অঞ্চলসমূহৰ ৰাইজৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ৷

আনহাতে ৰাস্তা-ঘাটৰ শোচনীয় অৱস্থাৰ বাবে বান পীড়িত অঞ্চলসমূহৰ ৰাইজে যাতায়াত কৰাত যথেষ্ট কষ্ট ভুগিব লগা হৈছে ৷ আজি কণ কণ ছাত্ৰ-ছাত্ৰীক কান্ধত উঠাই বিদ্যালয়লৈ অনা-নিয়া কৰিব লগা দৃশ্যই প্ৰত্যক্ষদৰ্শীৰ চকু সেমেকাই তুলিব ৷

ভুক্তভোগীৰ ভাষ্য- 'উন্নয়নৰ শ্লোগান যিমানেই নিদিয়ক কিয়, কান্ধত শিশুক তুলি বিদ্যালয়লৈ নিব লগা পৰিৱেশে সাধাৰণ জনতাক ভবাই তুলিছে।'

বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তত প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ
ভদীয়া বানত বিচ্ছিন্ন যাতায়ত : বাঢ়নি পানীয়ে উটুৱাই নিলে কালানদীৰ পকী দলং

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in