ভদীয়া বানত বিচ্ছিন্ন যাতায়ত : বাঢ়নি পানীয়ে উটুৱাই নিলে কালানদীৰ পকী দলং

ভদীয়া বানত বিচ্ছিন্ন যাতায়ত : বাঢ়নি পানীয়ে উটুৱাই নিলে কালানদীৰ পকী দলং

author-image
Asomiya Pratidin
New Update
ভদীয়া বানত বিচ্ছিন্ন যাতায়ত : বাঢ়নি পানীয়ে উটুৱাই নিলে কালানদীৰ পকী দলং

ডিজিটেল সংবাদ,তামুলপুৰ : ভদীয়া বানে জুৰুলা কৰিছে তামুলপুৰ জিলাৰ সৰ্বসাধাৰণৰ জীৱন যাত্ৰা। বাঢ়নি পানীয়ে উতুৱাই নিলে কালানদীৰ ওপৰত থকা জালাহ ৰোডৰ দলঙৰ একাংশ। যোগাযোগৰ অন্যতম উপায় দলঙখনৰ এটা অংশ উটুৱাই নিয়াৰ ফলত যাতায়ত বিচ্ছিন্ন হয় ৷

Advertisment

ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ লোকৰ যাতায়ত তথা স্থলপথৰ যোগাযোগ বন্ধ হৈ পৰে ৷ অৱশ্যে নৈৰ দাঁতিৰে সোমবাৰে কুমাৰীকাটা জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলে পানী গচকি বিদ্যালয়লৈ আহিব লগা হৈছে ৷ কিয়নো শিক্ষাৰ্থীসকলৰ পৰীক্ষা থকাৰ হেতু নিৰুপায় হৈ পৰিছে ৷

উল্লেখ্য যে, উক্ত পথৰ দৰংগা নদীৰ দলঙখনো বিগত জুন মাহৰ বানে উটুৱাই নিছিল ৷ আজি কেবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ভূটানৰ পৰা বৈ অহা বাঢ়নি পানীয়ে পকী দলঙখনৰ একাংশ উটুৱাই লৈ যায় ৷

স্থানীয় লোকে শীঘ্ৰেই দলঙখনৰে অহা-যোৱা কৰিব পৰাকৈ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে ৷ ইতিমধ্যে লোকনিৰ্মাণ বিভাগৰ বিষয়াসহ মহকুমাধিপতি আহি ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰে ৷

Also Read: কণ্ঠশিল্পী বিৰুদেৱ তাঁতিৰ “পাতা গাড়ী” শীৰ্ষক গীত মুকলি

assam flood tamulpur