ৰাজ্যত বানৰ জটিল ৰূপঃ প্ৰায় ২ লাখ লোক ক্ষতিগ্ৰস্ত, ৩ হাজাৰ হেক্টৰ কৃষি ভূমি প্লাবিত...

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য

author-image
Asomiya Pratidin
New Update
ৰাজ্যত বানৰ জটিল ৰূপঃ প্ৰায় ২ লাখ লোক ক্ষতিগ্ৰস্ত, ৩ হাজাৰ হেক্টৰ কৃষি ভূমি প্লাবিত...

ৰাজ্যত বানৰ জটিল ৰূপঃ প্ৰায় ২ লাখ লোক ক্ষতিগ্ৰস্ত, ৩ হাজাৰ হেক্টৰ কৃষি ভূমি প্লাবিত...

ডিজিটেল ডেস্কঃ ৰীমালৰ প্ৰভাৱত ৰাজ্যত সৃষ্টি হোৱা ধুমুহা, বৰষুণৰ লগতে বাৰিষাৰ আগমণৰ ফলত ৰাজ্যত বিভিন্ন প্ৰান্তৰ আৰম্ভ হৈছে বানৰ বিভীষিকা। বানপানীৰ এনে পৰিস্থিতিত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধন, জনৰ ক্ষয় ক্ষতি হোৱাৰ লগতে চিঙিছে মথাউৰী, উটিছে ঘৰ-বাৰী।

Advertisment

এই পৰ্যন্ত বানপানীত ৰাজ্যৰ মুঠ ১৯৮৮৫৬ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত আছে ৮৭৩৭৭ গৰাকী পুৰুষ, ৭৫০৮২ গৰাকী মহিলা, ৩৬৩৯৭ টা শিশু। এইসকল ক্ষতিগ্ৰস্তৰ ভিতৰত এতিয়ালৈকে এজন ব্যক্তিৰ মৃত্যুৰ খবৰ পোৱা গৈছে। হাইলাকান্দি জিলাৰ মৃত্যু হৈছে এই লোকজনৰ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি এই পৰ্যন্ত ৰাজ্যৰ মুঠ ৯ খন জিলা বানৰ কৱলত পৰিছে। বানপীড়িত এই জিলা কেইখন ক্ৰমে হাইলাকান্দি, হোজাই, গোলাঘাট, নগাওঁ, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও। এই আটাই কেইখন জিলাৰ মুঠ ২২ টা ৰাজহ চক্ৰৰ অধীনস্থ ৩৮৬ খন ৰাজহ গাওঁ বানত প্লাবিত হৈছে।

সেই অনুসৰি কাছাৰ জিলাত উধাৰবন্দ, শিলচৰ, লখিপুৰ, কাটিগড়া ৰাজহ চক্ৰৰ অন্তৰ্গত ১৫০ খন গাওঁ, ডিমা হাচাও জিলাৰ হাফলং ৰাজহ চক্ৰৰ অধীনস্থ ৬ খন গাওঁ, গোলাঘাট জিলাৰ বোকাখাত ৰাজহ চক্ৰ ৫ খন গাওঁ, হাইলাকান্দি জিলাৰ লালা, আলগাপুৰ, কাটলিচেৰা, হাইলাকান্দি ৰাজহ চক্ৰৰ ৫৬ খন গাওঁ, হোজাই জিলাৰ হোজাই আৰু ডবকা ৰাজহ চক্ৰৰ ২৮ খন গাওঁ, কাৰ্বি আংলং জিলাৰ চিলনীজান ৰাজহ চক্ৰৰ এখন গাওঁ, পশ্চিম কাৰ্বি আংলং জিলাৰ ডকমকা ৰাজহ চক্ৰৰ ৩খন গাওঁ, কৰিমগঞ্জ জিলাৰ নিলমবজাৰ, ৰাম কৃষ্ণ নগৰ, বদৰপুৰ, কৰিমগঞ্জ, পথাৰকান্দি ৰাজহ চক্ৰৰ ১০০ খন গাওঁ আৰু নগাওঁ জিলাৰ কামপুৰ, ৰহা  ৰাজহ চক্ৰৰ ৩৭ খন গাওঁ বান পানীত ডুব গৈছে। নগাওঁ জিলাৰ কামপুৰত কপিলী নৈ এতিয়াও বিপদ সীমাৰে ওপৰেদি বৈ আছে।

এনে পৰিস্থিতিত বান পীড়িত ৰাইজৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে কাছাৰত ১১০ টা, ডিমা হাচাওত ৪ টা, হাইলাকান্দিত ১৯ টা, হোজাইত ৯ টা, পশ্চিম কাৰ্বি আংলঙত ১ টা, কৰিমগঞ্জত ২৩ টা আৰু নগাওঁ জিলাত এটা সাহায্য শিবিৰ মুকলি কৰিছে। ইয়াৰে কাছাৰত ১২১১০ গৰাকী, ডিমা হাচাওত ১৭৬ গৰাকী, হাইলাকান্দিত ২০৬০ গৰাকী, হোজাইত ১৯৬৪৬ গৰাকী, কৰিমগঞ্জত ১৬১৩ গৰাকী আৰু নগাওঁ জিলাত ৩৫ গৰাকী লোকে সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে।

ইফালে এই আটাইকেখন জিলাত মুঠ ৭৪০৯ টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত কাছাৰত ১২০ টা, হাইলাকান্দিত ১৮০৮ টা, পশ্চিম কাৰ্বি আংলং জিলাত ৪৪ টা আৰু কৰিমগঞ্জ জিলাত ৫৪৩৭ টা এনে কেন্দ্ৰ স্থাপন কৰা হৈছে।

অন্যহাতে এই পৰ্যন্ত ৯ খন জিলাৰে ২৩৪৫৩৫ টা পশুধনো বানপানীৰ প্ৰভাৱত প্ৰভাৱিত হৈছে। ইয়াৰ ভিতৰত আছে ৫১৭১২ টা ডাঙৰ প্ৰজাতিৰ আৰু ৪৫৫৯২ টা সৰু প্ৰজাতিৰ পশুধন।

বান পানীৰ কৱলত পৰিছে ৩,২৩৮.৮ হেক্টৰ কৃষি ভূমি। ইয়াৰ ভিতৰত কাছাৰ জিলাত ১৫২৩ হেক্টৰ, নগাওঁ জিলাত ১১৬২.৮ হেক্টৰ, হোজাই জিলাত ৪৫৮ হেক্টৰ, গোলাঘাত জিলাত ৭১ হেক্টৰ আৰু হাইলাকান্দি জিলাত ২৪ হেক্টৰ কৃষি ভূমি প্লাবিত হৈছে।

Also Read: কামপুৰত অৱ্যহাত আছে বানৰ সংহাৰী ৰূপ : ব্যাহত হৈ পৰিছে যাতায়ত

বানপানী