/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/flood-9.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বানপানীয়ে ভয়ানক ৰূপ লৈছে।ফলত হাজাৰ হাজাৰ লোক বানৰ কবলত পৰিছে।বানাক্ৰান্তৰ বিলৈ বিপত্তি নোহোৱা হৈছে।দুৰ্গত লোক সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন সংগঠন, অনুষ্ঠান আদি।
নগাঁৱৰ প্ৰৱাহ গোষ্ঠীৰ তৰফৰ পৰা জিলাখনৰ কেবাটাও বান শিবিৰত বান সাহাৰ্য প্ৰদান কৰে। বৃহস্পতিবাৰে জিলা খনৰ ঝুমুৰমুৰৰ মিলন বিদ্যাপীঠ হাইস্কুলত আশ্ৰয় লৈ থকা বানাক্ৰান্ত সকলৰ মাজত খাদ্য সামগ্ৰী আৰু আন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে।
গোষ্ঠীৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ হাজৰিকা,উপদেষ্টা ডা:ৰঞ্জন গোস্বামী, কোষাধ্যক্ষ মাধৱ চন্দ্ৰ দাস, সদস্য কনক বেজবৰুৱা,ৰজন দাস, জয়ন্ত বৰা সহযোগত গোষ্ঠীৰ সদস্য সকলে আশ্ৰয় শিবিৰটোত সাহাৰ্য বিতৰণ কৰে।
আৰু পঢ়ক: হাত যোৰ কৰিছো, মুখ্যমন্ত্ৰীক নজনাব বান সাহায্য পোৱা নাই বুলি: বন্যাৰ্তক আহ্বান একাংশৰ
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us