নাওবৈচাত বানৰ সংহাৰী ৰূপ: উটুৱাই নিলে ঘৰ-দুৱাৰ,সা-সামগ্ৰী

নাওবৈচাত বানৰ সংহাৰী ৰূপ: উটুৱাই নিলে ঘৰ-দুৱাৰ,সা-সামগ্ৰী

author-image
Asomiya Pratidin
New Update
নাওবৈচাত বানৰ সংহাৰী ৰূপ: উটুৱাই নিলে ঘৰ-দুৱাৰ,সা-সামগ্ৰী

ডিজিটেল ডেস্কঃ নাওবৈচাত নিমিষতে সকলো শেষ ! বাৰিষা পৰাৰ লগে লগে ৰাজ্যত পুনৰ বানৰ সন্ত্ৰাস। বিগত কিছুদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত হৈছে নেৰা-নেপেৰা বৰষুণ।

Advertisment

বৰষুণৰ ফলত নাওবৈচাত বানে লৈছে ভয়ংকৰ ৰূপ। ৰাজ্যৰ প্ৰথমটো বানে উটুৱাই নিলে অঞ্চলটোৰ ভালেসংখ্যক পৰিয়ালৰ ঘৰ-দুৱাৰ, আচবাবৰ লগতে মূল্যবান সামগ্ৰী। শিঙৰা নৈৰ প্ৰলয়ংকাৰী বানে অঞ্চলটিত লয় সংহাৰী ৰূপ।

মথাউৰি ভাগি বানৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছত নাওবৈচাৰ প্ৰায় ২০ হাজাৰ পৰিয়ালৰ মাজতে হুৱা-দুৱা লাগে। উল্লেখ্য যে, জলসম্পদমন্ত্ৰী পীযুষ হাজৰীকাই ৰাজ্যৰ বিভিন্ন নৈ-উপনৈসমূহৰ মথাউৰি নিৰ্মাণ তথা পুনঃনিৰ্মাণক লৈ কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

তেনেস্থলত নাওবৈচাৰ মথাউৰি ভগা কাণ্ড সহজভাৱে ল'ব পৰা নাই ভুক্তভোগীয়ে। অৱশ্যে উক্ত মথাউৰিটোক লৈ জলসম্পদ বিভাগে পুঁজি আৱন্টন দিছিল যদিও উপযুক্ত সময়ত নিৰ্মাণ নকৰা বুলি ক্ষোভ প্ৰকাশ কৰে একাংশই।

Also Read: সীমা সমস্যা সমাধান সন্দৰ্ভত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰে বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

flood