/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/cd2e5ff4-17bb-4d34-aa5d-8b7d67ec9a80/aasam_meghalaya.jpg)
ডিজিটেল ডেস্কঃ অসম-মেঘালয় সীমা সমস্যা সমাধান সন্দৰ্ভত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰে বৈঠক জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ। বুধবাৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই শ্বিলঙত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী স্নিয়াৱলং ধৰৰ সৈতে ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰি দিয়া আঞ্চলিক সমিতি দুখনৰ এখন যুটীয়া বৈঠকত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/fc387ebe-745d-46b9-9091-d05ecbd9e478/bf551bbb_e73c_4d6e_a15f_0b0b84d59c92.jpg)
জানিব পৰা মতে, অসমৰ কাৰ্বি আংলঙ জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ কেইটামান অঞ্চলত থকা সীমা সমস্যাৰ বিষয়ে আজিৰ বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰী হাজৰীকাই অসম আৰু মেঘালয়ৰ মাজত সদায়ে সম্প্ৰীতিৰ সম্পৰ্ক আছে বুলি উল্লেখ কৰি ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুজনাৰ সদিচ্ছাৰ বাবে শীঘ্ৰে সীমা সমস্যাৰ স্থায়ী সমাধান হ’ব বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/672296ea-f669-4424-88b2-e19b8fb26b85/c760cea7_4c59_4aaf_a228_d490d2289c18.jpg)
ইয়াৰোপৰি মন্ত্ৰী হাজৰীকাই কেতিয়াবা সীমা অঞ্চলত একাংশ দুষ্কৃতিকাৰীয়ে বিবাদৰ পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰে যদিও দুষ্কৃতিকাৰীৰ এনে প্ৰচেষ্টাই ৰাজ্য দুখনৰ মাজত থকা শান্তি আৰু সম্প্ৰীতি কেতিয়াও বিনাশ কৰিব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b48166e0-2a47-48f1-a47f-87b2db63e077/92b69c49_cce6_4099_b7a6_34dccdf97273.jpg)
Also Read: কৰ্ণাটকত নিয়াৰ হাতত গ্ৰেপ্তাৰ পি এফ আই অস্ত্ৰ প্ৰশিক্ষক