ৰঙিয়াৰ বিহদিয়াত ৫ জুৱাৰীক আটক...

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল অভিযান

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ বিহদিয়াত ৫ জুৱাৰীক আটক...

ৰঙিয়াৰ বিহদিয়াত ৫ জুৱাৰীক আটক...

ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়া কমলপুৰৰ বিহদিয়াত আজি আৰক্ষীয়ে অভিযান চলাই ৫ জুৱাৰীক আটক কৰে । ধৃত‌‌ জুৱাৰী কেইটা ক্ৰমে কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডাঙ্গেৰিকুছিৰ টংকেশ্বৰ বড়ো, জতিয়াভাংৰাৰ বাবৰ আলী,কেন্দুকোনাৰ গোপাল দাস, হচং উদয় দাস আৰু আৰমান আলী বুলি ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীয়ে জনায় ।

Advertisment

ঘটনাৰ বিৱৰণী মতে ৰঙিয়া আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি কেইবাদিনো অভিযান চলাই অৱশেষত জুৱা খেলৰ সামগ্ৰীসহ ৫ টা জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, বিহদিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় পিছফালে ধৃত লোককেইজনে জুৱা খেল অনুষ্ঠিত কৰি আহিছিল।

তেনেতে আৰক্ষীয়ে আজি ধৃত লোককেইজনক হাতে লোটে আটক কৰে। ইফালে আটকাধীন সময়ত জুৱাৰীকেইটাৰ পৰা জুৱাৰ লগত জড়িত সামগ্ৰী আৰু নগদ ধন ৩৬০ টকা জব্দ কৰে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। সম্প্ৰতি ধৃত লোককেইজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে থানালৈ আনি জেৰা অৱ্যাহত ৰাখিছে ।

Also Read: অসমৰ ১১ টা লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা...

ৰঙিয়া