/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/970972-maharshtra-exams.jpg)
ডিজিটেল ডেস্কঃ পুনৰ পৰীক্ষা অনুষ্ঠিত নকৰাকৈ শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ সিদ্ধান্ত ৰাজ্যৰ শিক্ষা বিভাগৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বামুণীমৈদামস্থিত মুখ্য কাৰ্যালয় পৰা প্ৰেৰণ কৰা এক জাননীৰ জৰিয়তে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থীকে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাবলৈ এক নিৰ্দেশনা প্ৰদান কৰা হৈছে।
পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে স্বাক্ষৰ কৰা পত্ৰখনৰ জৰিয়তে সকলো শিক্ষানুষ্ঠানৰ মূৰব্বীকে প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰোৱাৰ বাবে নিৰ্দেশনা দিছে। পত্ৰখনত কোৱা হৈছে,শিক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে প-পত্ৰ পূৰণ কৰিছিল যদিও প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য কাৰণৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে। সেয়েহে তেওঁলোক সকলোকে উত্তীৰ্ণ কৰাব লাগে।
আনহাতে সকলো শিক্ষানুষ্ঠানৰ মূৰব্বীকে শিক্ষাৰ্থীসকলৰ পূৰ্বৰ পৰীক্ষাৰ নম্বৰসমূহ সংসদৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে শিক্ষাৰ্থীসকলৰ বাবে মাৰ্কশ্বিত তৈয়াৰ কৰিব পাৰে।
ক্লিক কৰি পঢ়কঃ ডিব্ৰুগড়ৰ মৰাণত তেল টেংকাৰ, ইণ্ডিকা আৰু বাইকৰ মাজত দুৰ্ঘটনা…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us