কাজিৰঙাত ৰাজ্যৰ প্ৰথমখন আল্ট্ৰা ৰাণ প্ৰতিযোগিতা সম্পন্ন...

কাজিৰঙাত ৰাজ্যৰ প্ৰথমখন আল্ট্ৰা ৰাণ প্ৰতিযোগিতা সম্পন্ন...
কাজিৰঙাত ৰাজ্যৰ প্ৰথমখন আল্ট্ৰা ৰাণ প্ৰতিযোগিতা সম্পন্ন...

ডিজিটেল সংবাদ কাজিৰঙাঃ দেশৰ ১৮ খন ৰাজ্যৰ ৪৫৪ গৰাকী প্ৰতিযোগিৰ অংশগ্ৰহণেৰে আজি কাজিৰঙাত অনুষ্ঠিত হয় অসমৰ প্ৰথমখন ULTRA RUN প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ ৫২ কিলোমিটাৰ শাখাৰ মহিলাৰ শাখাত অসমৰ ড০ প্ৰণামী চক্ৰৱৰ্তী আৰু পুৰুষৰ শাখাত ভূপেন ডেকাই প্ৰথম স্থান দখল কৰে।

'ৰাণ ফৰ দ্যা ৰাইনো' নামৰ এই প্ৰতিযোগিতাখন ২৬ আৰু ১৪ কিলোমিটাৰ শাখাতো অনুষ্ঠিত হয়। শতাধিক লোকে ৫ কিলোমিটাৰৰ 'ফান ৰাণ'ত অংশগ্ৰহণ কৰে। শুকুৰবাৰে সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছত আৰু গামোচা জোকাৰি প্ৰতিযোগিতাখনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিছিল জুবিন গাৰ্গে।

ইপিনে, আজি পুৱা চাৰে ৫ বজাত কাজিৰঙাৰ বৰগছ ৰিজ'ৰ্টৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ অহা দেশৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে কাজিৰঙাৰ আন এক সৌন্দৰ্য উপভোগ কৰাৰ সুযোগ লাভ কৰে। প্ৰতিযোগীসকলে অৰণ্যৰ কাষৰীয়া অঞ্চলৰ লগতে চাহ বাগিছা, গাঁও, পাহাৰ আদি অতিক্ৰম কৰে।

উল্লেখ্য, বন সুৰক্ষা কৰ্মীসকলৰ তৎপৰতা আৰু চৰকাৰৰ কঠোৰ স্থিতিৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ নিধন যোৱা বছৰত সম্পূৰ্ণ বন্ধ হৈছে। গঁড় সুৰক্ষাৰ সফলতাৰ এই দিশটো দাঙি ধৰাৰ লগতে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে এই প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হয়।

আনহাতে, দৌৰ প্ৰতিযোগিতাখনৰ পৰা সংগৃহীত ধনৰ ৩ লাখ টকা আগবঢ়োৱা হয় কাজিৰঙা কনজাৰভেশ্যন ফাউণ্ডেশ্যনলৈ। ৩ লাখ টকাৰ চেকখন আনভাইন্সৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া নিশিকান্ত দাসে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাৰ হাতত অৰ্পণ কৰে।

৫২, ২৬ আৰু ১৪ কিলোমিটাৰ শাখাৰ প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলা বিজয়ীসকলে মুঠ ডেৰ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰো লাভ কৰে। অনুপম খেৰ, ৰবিনা টেণ্ডনকে আদি কৰি বলীউডৰ কেইবাগৰাকীও তাৰকাই এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিজ নিজ চ’চিয়েল মিডিয়া পোষ্টত আহ্বান জনোৱাৰ লগতে সহযোগিতা আগবঢ়ায়।

আনভাইন্সে অসমৰ আদিয়ান নামৰ সংস্থাটোৰ সহযোগত এই প্ৰতিযোগিতাখনৰ আয়োজন কৰে। কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ বহু কেইগৰাকী সম্ভাৱনাময় খেলুৱৈ আৰু স্থানীয় ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰে।

ইপিনে, প্ৰতিযোগিতাখনিত ৫২ কি মি শাখাত অংশগ্ৰহণ কৰে ৬১ বছৰ বয়সীয়া এগৰাকী ব্যক্তিয়ে৷ বিনোদ পাটগিৰি নামৰ এই দৌৰবিদগৰাকীয়ে পুৱা কাজিৰঙাৰ বৰগছ ৰিজ'ৰ্টৰ পৰা মাৰাথন আৰম্ভ কৰি নিৰ্ধাৰিত সময়তকৈ ৪৫ মিনিটৰ পূৰ্বেই ৫২ কিঃ মিঃ দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হয়৷

ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পাটগিৰিয়ে শেহতীয়াকৈ TATA MUMBAI MARATHON INTERNATIONALত অংশগ্ৰহণ কৰিছিল৷ ভেটাৰ্ণ দৌৰবিদ হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত নাম জিলিকাবলৈ সক্ষম হোৱা বিনোদ পাটগিৰিয়ে পূৰ্বতে গুৱাহাটী শোধনাগাৰৰ পৰা তামোলপুৰলৈ দৌৰি এক অভিলেখ স্থাপন কৰিছিল৷

'অসমীয়া প্ৰতিদিন'ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৬১ বছৰ বয়সতো তৰুণ হৈ থকা দৌৰবিদ বিনোদ পাটগিৰিয়ে কয় যে, দৌৰিলে শৰীৰ নিৰোগী হৈ থাকে৷ সেয়ে দৌৰৰ অভ্যাস এৰি দিয়া নাই৷

আনহাতে, উঠি অহা প্ৰজন্মক দৌৰ মৰা, চাইকেল চলোৱা আদি শাৰীৰিক ব্যায়ামৰ জৰিয়তে নিজৰ শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবৰ বাবেও আহ্বান জনায়৷ তেখেতে আজি পুৱাৰ দৌৰা ঠাইডোখৰৰ পথৰ অৱস্থা শোচনীয় হ’লেও কাজিৰঙাৰ সুন্দৰ পৰিৱেশত দৌৰি আপ্লুত হয় বুলি প্ৰকাশ কৰে।

কাজিৰঙাত ৰাজ্যৰ প্ৰথমখন আল্ট্ৰা ৰাণ প্ৰতিযোগিতা সম্পন্ন...
৩০ জানুৱাৰীত আহি আছে 'অবাক'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in