
লামডিং কালিবাৰী অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড।
কালী পূজাৰ দিনটোতে লামডিঙৰ পাৰ্থ সেনগুপ্ত নামৰ ব্যক্তিজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় বাসগৃহটো।
দীৰ্ঘদিন ধৰি ঘৰত মানুহ নথকাৰ বাবেই প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ সদস্যসকলৰ।
আৱৰ্জনাৰ পৰা জুইৰ সূত্ৰপাত ঘটি বাসগৃহটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ।
স্থানীয় ৰাইজ, লামডিং আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে।