/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/10f86372-b271-4e80-bda5-fa99e43abe49/195.jpg)
ডিজিটেল সংবাদ,ধুবুৰী : আজি ২৮ ছেপ্তেম্বৰ,বিশ্ব জলাতংক দিৱস। সমগ্ৰ বিশ্বতে বিশ্ব স্বাস্থ্য সংস্থাই পালন কৰি আহিছে এই দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীতো বিশ্ব জলাতংক দিৱস পালন কৰা হয়।
বৃহস্পতিবাৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক কাৰ্যালয়ৰ সভাকক্ষত বিশ্ব জলাতংক দিৱসৰ বিভিন্ন কাৰ্য্য়সূচী অনুষ্ঠিত কৰা হয়। ধুবুৰী জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সভাপতিত্বত বিশ্ব জলাতংক ৰোগ দিৱস পালন কৰা হয় বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d7d28a85-c790-4a0d-a3bb-02fec8a10673/20d10b90_8714_4891_a90f_b12d40408173.jpg)
উল্লেখ্য যে, জিলা স্বাস্থ্য বিভাগ প্ৰতিবছৰে এই দিৱস পালন কৰি আহিছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো জলাতংক ৰোগ দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ধুবুৰী জিলাৰ উদ্যোগত খণ্ড পৰ্যায়ত লগতে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ উদ্যোগত বিদ্যাল়সমূহত সজাগতা সভা অনুষ্ঠিত কৰে।
অনুষ্ঠানত ধুবুৰী পশু চিকিৎসা বিভাগৰ জিলা পশু চিকিৎসকে উপস্থিত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কেতবোৰ সাৱধানতাৰ বিষয়ে অৱগত কৰে। জলাতংক ৰোগৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰি আৰু পশু চিকিৎসা বিভাগৰ পৰা কেনেধৰণৰ উদ্যোগ লোৱা হয় য়েই সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e38acc7c-3071-4200-9b97-5b631b2666da/4b5dcb4f_0106_40e5_b6d4_9fece9e72607.jpg)
আনহাতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কয় যে,জলাতংক ৰোগৰ পৰা হাত সাৰি থাকিব কাৰণে যাতে কোনো অন্ধ বিশ্বাসত ভোল নেযাই আৰু ততালিকে চিকিৎসকৰ পৰামৰ্শ লয় তাৰ প্ৰতি আহ্বান জনায়। আজিৰ সভাত ওপৰোক্ত বক্তাৰ উপৰি স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া ডা০ জগদিন্দু ৰয়, ডা০ অৰূপ কুমাৰ চৌধুৰী, ৰাষ্ট্ৰীয় জলাতংক প্ৰতিৰোধ কাৰ্যসূচীৰ জিলা নদেল বিষয়া ডা০ জগদীশ কলিতা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ধুবুৰীৰ জিলা আঁচনি প্ৰবন্ধক অৰিফ আহমেদ উপস্থিত থাকে।
Also Read: মথুৰাপুৰ চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন