হাওৰাঘাটত বিধ্বংসী অগ্নিকাণ্ড

হাওৰাঘাটত বিধ্বংসী অগ্নিকাণ্ড

author-image
Asomiya Pratidin
New Update
হাওৰাঘাটত বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল সংবাদ, হাওৰাঘাট: দেওবাৰে পুৱতি নিশা কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ সমবায় সমিতিৰ সমীপত থকা প্ৰদীপ স্বাহ নামৰ গেলামাল ব্যৱসায়ীজনৰ দোকানত অগ্নিকাণ্ড সংঘটিত হয়। পুৱতি নিশা প্ৰায় ২.১০ মান বজাত তেওঁৰ ৩খনকৈ দোকান জ্বলি ভস্মীভূত হোৱাত কেইবালক্ষ টকাৰ সম্পত্তি ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

Advertisment

শ্বৰ্ট চাৰ্কিটৰ ফলতে এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি ধাৰণা কৰা হৈছে। ইপিনে এই ভয়ানক অগ্নিকাণ্ডত ব্যৱসায়ী প্ৰদীপ স্বাহৰ লগতে মাধৱ বৰাৰ ৱাইন শ্বপ, সোণাৰি দোকান আৰু ইলেক্ট্ৰনিক দোকানো কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত পিছত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

Also Read: কেৰেলাৰ প্ৰাৰ্থনা সভাত ধাৰাবাহিক বিস্ফোৰণ

fire