চতিয়াত ভয়ংকৰ অগ্নিকাণ্ড

চতিয়াত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল সংবাদ,চতিয়া : চতিয়াত বুধবাৰে নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ কৰৈয়নী হালধীবাৰী গাঁৱৰ আনচাৰ আলিৰ বাসগৃহৰ ওচৰতে থকা গোহালিত সংঘটিত হয় অগ্নিকাণ্ড ৷

জানিব পৰামতে সন্ধিয়া গোহালিত ধোঁৱা দিয়াৰ সময়তে বেৰত জুই লাগে। ফলত গোহালিৰ ভিতৰতে থকা দুজনী গৰু অগ্নিদগ্ধ হোৱাৰ লগতে গোহালিৰ কাষতে থকা এটা খেৰৰ পুঁজি সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷ অৱশ্যে ঘটনাৰ পিচতে অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

চতিয়াত ভয়ংকৰ অগ্নিকাণ্ড
গহপুৰত খহিছে জলসম্পদ বিভাগৰ ২৬ কোটি টকীয়া মথাউৰি

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in