গহপুৰত খহিছে জলসম্পদ বিভাগৰ ২৬ কোটি টকীয়া মথাউৰি

গহপুৰত খহিছে জলসম্পদ বিভাগৰ ২৬ কোটি টকীয়া মথাউৰি

ডিজিটেল সংবাদ,গহপুৰ : গহপুৰত সোলেঙী নদীত নিৰ্মীয়মাণ অৱস্থাতে তাচ পাতৰ দৰে খহি জৰাৰ্জীণ ৰূপ লৈছে জলসম্পদ বিভাগৰ ২৬ কোটি টকীয়া মথাউৰিয়ে। নিম্ন মানৰ কাম হোৱা হেতুকে নিৰ্মীয়মাণ অৱস্থাতে মথাউৰিটোৰ অৰ্ধেক অংশ খহি পৰে। মথাউৰিটোৰ এনে অৱস্থাৰ বাবে একাংশই ঠিকাদাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

জলসম্পদ বিভাগে বৃহৎ ধনৰাশি ব্যয় কৰি এম পি আৰু অনুজ আগৰৱালা নামৰ ঠিকাদাৰ দুজনক সোলেঙী নদীৰ বান সমস্যা সমাধানৰ বাবে দায়িত্ব দিছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত ইয়াৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা গৈছে।

ভৰ বাৰিষা বালি মাটিৰে মথাউৰি নিৰ্মাণ কৰাৰ ফলত এই বিষম পৰিণতি দেখিবলৈ পোৱা গৈছে বুলি সচেতন ৰাইজে আক্ষেপ প্ৰকাশ কৰে । কামৰ অগ্ৰগতি পৰ্যবেক্ষণৰ বাবে জলসম্পদ বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া আহিছে যদিও পৰৱৰ্তী সময়ত ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় বুলি উল্লেখ কৰে।

আনহাতে এই ২৬ কোটি টকীয়া মথাউৰিটোৱে ৰাইজৰ জীৱন, সা-সম্পতি কিমান সুৰক্ষিত কৰে সেয়া পৰবৰ্তী সময়ত লক্ষ্যণীয় হ'ব বুলি একাংশই মন্তব্য কৰে।

গহপুৰত খহিছে জলসম্পদ বিভাগৰ ২৬ কোটি টকীয়া মথাউৰি
নীলাচল উৰণসেতুত প্ৰথমটো পথ দুৰ্ঘটনা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in