/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-16/joqfmjxd/8ee8d2f1-6246-477d-b5a8-6d6f82767feb.jpg)
ডিজিটেল সংবাদ,চৰাইদেউ : চৰাইদেউ জিলাৰ মথুৰাপুৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত ঐতিহাসিক ধোদৰ আলিৰ কাষতে থকা মথুৰাপুৰ চৰকাৰী নুনি ফাৰ্মত সোমবাৰে বিয়লি অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷
জানিব পৰা মতে ফাৰ্মখনৰ মাজেদি যোৱা ১১ কেভি বৈদ্যুতিক তাঁৰত গছৰ ডালে স্পৰ্শ কৰাত শ্বৰ্ট চাৰ্কিটৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত ক'লা ধোঁৱা ওলোৱা দেখি স্থানীয় লোকে চাৰিওফালে হুৱা-দুৱা, চিঞৰ-বাখৰ কৰে ৷
পিচত ঘটনাস্থলীত মথুৰাপুৰ আৰক্ষী আৰু অগ্নিনিবাৰ্পক লোক উপস্থিত হয় যদিও সকলোৰে প্ৰচেষ্টাত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হোৱাত সৌভাগ্যক্ৰমে এলেকাত ৰক্ষা পৰে ৷
Also Read: ধুবুৰীত চিলনী চোৰৰ সন্ত্ৰাস