ডিজিটেল সংবাদ,ধুবুৰী : ধুবুৰীত চিলনী চোৰৰ অতপালিয়ে আতংকিত কৰিছে সৰ্বসাধাৰক। সোমবাৰে ধুবুৰীত ২ লাখ ৫৮ হেজাৰ টকা লৈ উধাও হয় চিলনী চোৰ।
বেংকৰ পৰা ওলাই আহি বাইকত টকাৰ বেগ থৈ পকেটৰ পৰা বাইকৰ চাবি উলিয়াওতে এজন ব্যক্তিয়ে আপোনাৰ টকা পৰি গৈছে বুলি কোৱাত টকা উঠাই থাকোতে বাইকত থকা টকাৰ বেগ লৈ উধাও হয় চিলনী চোৰৰ দলে। আজি দিনৰ প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই ঘটনাটো।
ধুবুৰীৰ লক্ষ্মীমাৰী গাঁৱৰ ইয়াকুব আলি নামৰ ব্যক্তিজনৰ লগত সংঘটিত হয় এই ঘটনা। ইপিনে সমগ্ৰ ঘটনা বন্দী হয় CCTV কেমেৰাত। উক্ত ঘটনাটোত তিনিজনকৈ চিলনী চোৰ থকাৰ সন্দেহ কৰা হৈছে।
উল্লেখ্য যে ধুবুৰীত কিছুদিন পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত হৈছিল । বহি:ৰাজ্যৰ এটা চিলনী চোৰৰ দলে ধুবুৰীত বাহৰ পাতি এনেদৰে লোকৰ টকা লুট কৰি ত্ৰাসৰ সৃষ্টি কৰি আছে।