ধেমাজিৰ শিবানী এন্টাপ্ৰাইজত জুই

প্ৰায় ২০ লক্ষাধিক টকা মূল্যৰ সামগ্ৰী সম্পূৰ্ণভাৱে ভষ্মীভূত হয়

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ শিবানী এন্টাপ্ৰাইজত জুই

ডিজিটেল সংবাদ,ধেমাজি : মঙ্গলবাৰে পুৱাই ধেমাজি নগৰৰ চাৰিআলিত শিবাণী এন্টাপ্ৰাইজ নামৰ গাড়ীৰ পাৰ্টচ বিক্ৰী কৰা দোকান ভষ্মীভূত হয় ৷ জানিব পৰা মতে দুইচকীয়া আৰু চাৰিচকীয়া গাড়ীৰ বাবে আনি থোৱা টায়াৰ ,হেলমেট ,মবিল ইত্যাদি স্ফেয়াৰ পাৰ্টচৰ প্ৰায় ২০ লক্ষাধিক টকা মূল্যৰ সামগ্ৰী সম্পূৰ্ণভাৱে ভষ্মীভূত হয়।

Advertisment

উল্লেখ্য যে নিচেই কাষতে লাগি থকা এখন বাইচাইকেল দোকানখনৰ মালিক লক্ষ্মন দত্ত নামৰ লোকজনে প্ৰাতঃভ্ৰমণ কৰিবলৈ আহি থকা অৱস্থাতেই ঘৰৰ ওপৰত দপ দপকৈ জুই শিখা দেখি হতহম্ব হৈ তৎতাতৈয়াৰকৈ ধেমাজি সদৰ আৰক্ষী থানাত খবৰ দিয়ে। খবৰ পোৱা পিছতেই আৰক্ষীয়ে তাৎক্ষণিকভাৱেই অগ্নিনিৰ্বাহক বাহিনীৰ সৈতে যোগাযোগ কৰি অতি কম সময় ভিতৰতে জুই নোমোৱাবলৈ সক্ষম হয়।

আৰক্ষী তথা অগ্নিনিৰ্বাহক বাহিনীৰ সক্ৰিয়তাৰ বাবে আৰু বহুকেইখন দোকান ৰক্ষা পৰে। ইতিমধ্যে দোকানৰ মালিক নিৰেশ মিলিয়ে বৈদ্যুতিক চৰ্টচাৰ্কিটৰ বাবেই জুই লগা বুলি সন্দেহ প্ৰকাশ কৰি ধেমাজি সদৰ আৰক্ষীথানাত এখনি এজেহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে ৷

Also Read: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্চম সমাৱৰ্তন

fire