জামুগুৰিহাটত দুৰ্বৃত্তই খেৰৰ মেজিত লগালে জুইঃ জ্বলি শেষ হ'ল ১২ ট্ৰেক্টৰ খেৰ...

জামুগুৰিহাটত দুৰ্বৃত্তই খেৰৰ মেজিত লগালে জুইঃ জ্বলি শেষ হ'ল ১২ ট্ৰেক্টৰ খেৰ...

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত দুৰ্বৃত্তই খেৰৰ মেজিত লগালে জুইঃ জ্বলি শেষ হ'ল ১২ ট্ৰেক্টৰ খেৰ...

জামুগুৰিহাটত দুৰ্বৃত্তই খেৰৰ মেজিত লগালে জুইঃ জ্বলি শেষ হ'ল ১২ ট্ৰেক্টৰ খেৰ...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ মৰিসুতি গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলি শেষ হ'ল এটা ধানখেৰৰ মেজি।

Advertisment

গাওঁকনৰ আজাহ হুছেইন নামৰ যুৱকজনৰ ঘৰত সংঘটিত হৈছে ঘটনা। সন্দেহ অনুসৰি কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলতে এই ঘটনা সংঘটিত হ'ল।

অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ লগে গৃহস্থই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নি নিৰ্বাপক বাহিনীয়ে আহি স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰে যদিও জাৰ্ছি গাইৰ বাবে থোৱা ১২ ট্ৰেক্টৰ খেৰ জ্বলি শেষ হয়।

Also Read: কচুৱা প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ...

জামুগুৰিহাট