/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/12f503cf-cada-4d0c-b721-156b4a8ddcd7/46.jpg)
ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি জিলাৰ জামুগুৰি কোচ গাঁৱৰ প্ৰবীণ গান্ধীবাদী নেতা,সমাজকৰ্মী তথা মুক্তিযোদ্ধা টংক বৰাৰ ১০৩ সংখ্যক জন্মদিন পালন কৰা হয়। দেওবাৰে তেওঁৰ বাসগৃহত কেক কাটি অতি উলাহ-মালহেৰে উদযাপন কৰা হয় ৷
এই উপলক্ষে পুৱা ১১ বজাত বন্তি প্ৰজ্বলন কৰি আশীৰ্বাদ দিয়ে ধেমাজি বেলগুৰি শাখা সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ মহন্তই ৷ ইয়াৰ পিছতে কেক কটাৰ লগে লগে আয়তীৰ মংগল উৰুলিৰে মুক্তিযোদ্ধাগৰাকীৰ বাসগৃহ মুখৰ হৈ পৰে ৷ কেক কটাত সহযোগ কৰে ধেমাজি জিলা অতিৰিক্ত আয়ুক্ত ঋতুপল্লৱ বৰুৱাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f0cb8e1c-85c6-4468-91fa-3cb5ae5fbd8e/c972db73_59c5_4c39_a903_11fb2ac7f725.jpg)
অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে মুক্তিযোদ্ধা টংক বৰাৰ জীৱন,কৰ্মৰাজি আৰু ত্যাগৰ বিষয়ে চমু ভাষণ আগবঢ়াই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ প্ৰবীণ গান্ধীবাদী নেতাগৰাকীৰ ১০৩ বছৰীয়া জন্মদিনৰ ওলগ জনাই ধেমাজি প্ৰেছ ক্লাৱৰ হৈ সভাপতি অশ্বিনী কুমাৰ দুৱৰাই ৷
টংক বৰাৰ নাতি নাৰায়ণ বৰাই আতঁ ধৰা জন্মদিনৰ মাংগলিক অনুষ্ঠানত স্থানীয় ৰাইজ আৰু ধেমাজিৰ অগনন শুভাকাংক্ষী ৰাইজে গামোচা,চেলেং চাদৰৰে শুভেচ্ছা জনায় ৷ ইপিনে সংবাদ মাধ্যমৰ আগত মুক্তিযোদ্ধা বৰাই অতীতৰ তিতা মিঠা কথাবোৰ ৰোমন্থন কৰি অসমলৈ অহা মহাত্মা গান্ধীক ৩বাৰ লগ কৰাৰ কথা উল্লেখ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/35ce3db2-cd74-4149-b848-a85544910791/5d99902d_2006_4b12_967c_ac184b82a152.jpg)
ইয়াৰোপৰি তেওঁ সেই সময়ত স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে বৃটিছ চৰকাৰে তেওঁক যোৰহাট জেলত ৬মাহ কাৰাবাস দিয়াৰ কথাও জানিবলৈ দিয়ে ৷ ইপিনে ৰাজ্যখনৰ বৃদ্ধ-বৃদ্ধাসকলৰ বাবে চৰকাৰে দিয়া মাত্ৰ ২৫০ টকা বৃদ্ধপেঞ্চনৰ টকা অতি কম হৈছে বুলি অৱগত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/df1ffab9-ea61-4a95-9be7-762330a22f21/32f2ae2a_69ec_4b03_a539_c1a697137fb9.jpg)
এই বৃদ্ধ পেঞ্চনৰ ধন বৃদ্ধিৰ বাবে ২০১৪ চনতেই ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে মুক্তিযোদ্ধাগৰাকীক সন্মান জনোৱাৰ সময়ত বৃদ্ধপেঞ্চনৰ ধন বৃদ্ধি কৰিবলৈও তেওঁ লিখিতভাৱে আবেদন জনাইছিল বুলি উল্লেখ কৰে ৷ লগতে তেওঁ পৰৱৰ্তী সময়তো বৃদ্ধপেঞ্চন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি অনুৰোধ কৰাৰ কথা তেওঁ ব্যক্ত কৰে ৷
Also Read: অনন্ত কলিতাৰ বিয়োগত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ