'সমূহ মহিলা আৰক্ষী থানা'ৰ সন্মান লাভঃ মানপত্ৰ প্ৰদান আৰক্ষী সঞ্চালক প্ৰধানৰ

ভাৰত চৰকাৰৰ ব্যুৰ অফ পুলিচ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্টক ৰেংকিঙত অসমৰ ভিতৰত ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ আৰক্ষী থানাৰ সন্মান লাভ কৰিছিল 'সমূহ মহিলা আৰক্ষী থানা'ই।
'সমূহ মহিলা আৰক্ষী থানা'ৰ সন্মান লাভঃ মানপত্ৰ প্ৰদান আৰক্ষী সঞ্চালক প্ৰধানৰ

ডিজিটেল ডেস্ক: ভাৰত চৰকাৰৰ ব্যুৰ অফ পুলিচ ৰিছাৰ্চ এণ্ড ডেভেলপমেন্টক ৰেংকিঙত অসমৰ ভিতৰত ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ আৰক্ষী থানাৰ সন্মান লাভ কৰিছিল 'সমূহ মহিলা আৰক্ষী থানা'ই। পানবজাৰৰ 'সমূহ মহিলা আৰক্ষী থানাক বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মানপত্ৰ প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধানে।

আৰক্ষীৰ মুখ্য কাৰ্যালয় আৰু গুৱাহাটী মহানগৰ আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক এই মানপত্ৰ প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু গৃহ সচিবৰ স্বাক্ষাৰ থাকে এই মানপত্ৰত। মানপত্ৰ প্ৰদান কৰি সঞ্চালক প্ৰধানে এনে সন্মান কঢ়িয়াই অনাৰ বাবে থানাখনৰ প্ৰতিগৰাকী মহিলা আৰক্ষীক শুভেচ্ছা জ্ঞাপন কৰে। লগতে ভৱিষ্যতেও ৰাইজৰ স্বাৰ্থত অধিক নিষ্ঠাৰে থানা খনত কৰ্মৰত সকলোৱেই কৰ্তব্য সম্পাদন কৰি যাব বুলি আশা প্ৰকাশ কৰে।

'সমূহ মহিলা আৰক্ষী থানা'ৰ সন্মান লাভঃ মানপত্ৰ প্ৰদান আৰক্ষী সঞ্চালক প্ৰধানৰ
মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ শেষকৃত্য সম্পন্ন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in