/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/672ba386-7a48-4fbb-a349-471e37e37bb8/fatbihu.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ ফাটবিহু কাৰ্যৰ বাবে নিঃচৰ্ত ক্ষমা বিচাৰিলে সমিতিয়ে। উত্তৰ পূব ভাৰতৰ একক আৰু অন্যন্য লোক মহোৎসৱ ফাটবিহুৰ মঞ্চত সংঘটিত অনাকাংক্ষিত,অবাঞ্চিত,অপ্ৰীতিকৰ আৰু হিংসাত্মক কাৰ্যৰ বাবে সংস্কৃতিপ্ৰেমী ৰাইজৰ লগতে ভুক্তভোগী বৰদৈচিলা বিহু দলৰ ওচৰত নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা বিচাৰে ফাটবিহু সমিতিয়ে ।
ফাটবিহু সমিতি আৰু ফাটবিহু উদযাপন সমিতিৰ যৌথ উদ্যোগত বুধবাৰে বিয়লি ফাটবিহু বাকৰিত অনুষ্ঠিত এক সংবাদমেলত এই চৰ্তহীন ক্ষমা বিচাৰে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই । সংবাদমেলত উপস্থিত থাকে ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া ,সম্পাদক ভাস্কৰ দাস ,উদযাপন সমিতিৰ সভাপতি নিতুল (ৰাজা) বৰুৱা , সম্পাদক ঘনশ্যাম গগৈকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু কৰ্মকর্তা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/cb35eff3-a79d-4ec9-8a64-3da5424c5e1f/3998de3e_5ca7_4466_b68f_476d0672a5e2.jpg)
সংবাদমেলত উদযাপন সমিতি আৰু ফাটবিহু সমিতিয়ে যোৱা ১৩ মে'ৰ নিশা বৰদৈচিলা বিহু দলৰ সতে সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ বাবে সংশ্লিষ্ট বিহু দলটোৰ লগতে সকলোৰে ওচৰত হাতযোৰ কৰি দুয়োখন সমিতিৰ হৈ ক্ষমা বিচাৰে সভাপতি বসন্ত শইকীয়াই। উক্ত নিশা সংঘটিত ঘটনাৰ সন্দৰ্ভত সমিতিৰ নিজস্ব বক্তব্য দাঙি ধৰি সভাপতি শইকীয়াই কয় "উক্ত দিনা নিশা নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ বিহু দলটো বিহু বাকৰিত উপস্থিত হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/07e6128d-19d4-4910-8f1d-42349bc58918/eac8a32b_dcec_4f83_af35_8467a68fd0af.jpg)
প্ৰথমাৱস্থাত বিহু দলটোক অনুমতি দিয়া হোৱা নাছিল যদিও দলটোৰ অনুৰোধৰ বাবে ১৫ মিনিট সময়ৰ বাবে বিহু পৰিবেশন কৰাৰ অনুমতি দিয়া হয়। নিৰ্ধাৰিত সময় শেষ হোৱাত সমিতিৰ ফালৰ পৰা শৰাই আগবঢ়াই সামৰণি মৰাৰ সংকেত দিয়াৰ পাছতো গুৰুত্ব নিদি দলটোৱে বিহু অতিৰিক্ত সময়তো তেওঁলোকৰ অনুষ্ঠান পৰিবেশন কৰি থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d7cf3c99-649f-4c13-a72e-c664f3db16c9/7ec000c8_0fd7_4749_a869_2222916378ad.jpg)
ইয়াৰ পাছত ঘোষকৰ দায়িত্বত থকা ফাটবিহুৰ সম্পাদক গৰাকীয়ে পুনৰবাৰ ঘোষণা দিয়াৰ পাছত বিহুৰ সামৰণি মাৰে বুলি জনায় । সংবাদমেলত সভাপতিগৰাকীয়ে জনোৱা মতে ইয়াৰ পাছতে বিহুৱাসকলে 'কিয় বাৰে বাৰে ঘোষণা কৰ' বুলি মঞ্চত অশ্লীল গালি গালাজ কৰাৰ উপৰিও ভাবুকি দিয়া বুলিও ব্যক্ত কৰি এনে সময়তে জোৰ কৰি মঞ্চৰ পৰা দলটোক নমাই অনাৰ সময়তে এজন বিহুৱাই সামান্য আঘাত পাই বুলি ব্যক্ত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/4ad27550-313e-4d4d-a8a9-801714f57e6d/677798d1_1a72_4317_9b3f_dcc373335ec6.jpg)
এই বিষয়ক লৈ ফাটবিহু সমিতিৰ সভাপতিগৰাকীয়ে "দলটোৱে অবাঞ্চিত পৰিবেশ সৃষ্টি কৰাৰ বাবেই এনে অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা" বুলি কৈ ফাটবিহু উদযাপনৰ ক্ষেত্ৰত ৰৈ যোৱা ক্ৰুটি বিচ্যুতিৰ বাবে সকলোৱে নিজৰ অনুষ্ঠান বুলি ভাবি মাৰ্জনা কৰি দিবলৈ বিহু দলটোৰ ওচৰত ক্ষমা বিচাৰে।
সংবাদমেলত উক্ত সময়ত বাণীবদ্ধ কৰা এটা 'ভিডিঅ ক্লিপ' প্রদর্শন কৰি তাত থকা এটা উচতনিমূলক কণ্ঠ বিহু দলটোৰ লগত অহা ব্যক্তিৰ বুলি দাবী কৰি প্ৰকাশ্যে বিহু দলটোৰ দ্বাৰা সৃষ্ট পৰিস্থিতিৰ বাবেই এনে ঘটনা অনাকাংক্ষিতভাবে সংঘটিত হোৱা বুলি দলটোক দোষাৰোপ কৰে। ফাটবিহু সমিতিৰ সম্পাদকগৰাকীৰ অসহিষ্ণুতাৰ বাবেই এজন বিহুৱা নিৰ্দয়ভাৱে প্ৰহৃত হ'ব লগা হোৱাটোৱে ফাটবিহুৰ মৰ্যাদা হানি কৰিছিল।
সাংবাদিকে এই বিষয়টো আঙুলিয়াই দিয়াত সভাপতি শইকীয়াই কয়- "বিহু মঞ্চত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে হে বিহুৱাগৰাকীয়ে সামান্য আঘাত পাইছিল। এনে পৰিস্থিতিৰ বাবে আমি ক্ষমা প্ৰাৰ্থী ।"
আনহাতে ঘিলামৰাৰ বৰদৈচিলা বিহু দল আৰু ঘিলামৰাবাসী ৰাইজ তথা সংগঠনে এয়া এক লোকচক্ষুত নিজৰ দাম্ভিক স্থিতি আৰু কুকৰ্মৰ বাবে কটা যোৱা নাক বচোৱাৰ বাবে ফাটবিহু সমিতিয়ে মঞ্চস্থ কৰা এখন পৰিকল্পিত নাটক বুলি আখ্যা দিয়ে ।
Also Read: ২৬ বছৰে বিনা বেতনে অৱসৰগ্ৰহণ মদন সৰকাৰৰ