জামুগুৰিহাটত সদৌ অসম হ' মুণ্ডা সমাজৰ প্ৰথম বাৰ্ষিক বাহা পৰৱ উদযাপন

জামুগুৰিহাটৰ মনাই চাহ বাগিছাত সদৌ অসম হ’মুণ্ডা সমাজৰ নদুৱাৰ আন্চলিক সমিতিৰ উদ্যোগ আৰু মনাই চাহ বাগিছাৰ প্ৰাথমিক হ' সমাজ গোটৰ সহযোগত দেওবাৰে অনুষ্ঠিত হয় প্ৰথম বাৰ্ষিক বাহা পৰৱ উৎসৱ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত সদৌ অসম  হ' মুণ্ডা সমাজৰ  প্ৰথম বাৰ্ষিক বাহা পৰৱ উদযাপন

ডিজিটেল সংবাদ, জামুগুৰিহাট: জামুগুৰিহাটৰ মনাই চাহ বাগিছাত সদৌ অসম হ’মুণ্ডা সমাজৰ নদুৱাৰ আন্চলিক সমিতিৰ উদ্যোগ আৰু মনাই চাহ বাগিছাৰ প্ৰাথমিক হ' সমাজ গোটৰ সহযোগত দেওবাৰে অনুষ্ঠিত হয় প্ৰথম বাৰ্ষিক বাহা পৰৱ উৎসৱ। মনাই চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত এই পবিত্ৰ উৎসৱৰ তাৎপৰ্য হ'ল,শাল গছে ফুল ধাৰণ কৰাৰ প্ৰাক মুহূৰ্তত গ্ৰীষ্ম ৰিতুক আমন্ত্ৰণ জনোৱা ।

Advertisment

এই বাহা উৎসৱৰ লগত সংগতি ৰাখি আজি পুৱা বাহা (হ') সমাজৰ পতাকা উত্তোলন কৰে চুক ৰাম প্ৰতিয়েই । সিংবংগা থানত বন্তি প্ৰজ্জ্বলন কৰে ৰঞ্জিত তিয়া আৰু ললিত বদ্ৰা ই । বাহা বংগ মন্চ মুকলি,জাতীয় গীত ও দুৰাং অনুষ্ঠানৰ পাছত বাহা সমাজৰ আঞ্চলিক সভাপতি লক্ষ্মন হেমৰণৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা৷

ইয়াৰ পুৰ্বে সুদুৰ ঝাৰখণ্ডৰ পৰা অহা অতিথি সকলক আদিবাসী সম্প্ৰদায়ৰ পৰম্পৰাগত ৰীতি নীতি ঝুমুৰ নৃত্যৰে সভাৰ মুল মণ্ডপলৈ আদৰি অনা হয় । মুল কাৰ্য সুচীত আদিবাসী হ' (বাহা) সমাজৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত সভাত উপস্থিত বিভিন্ন জনে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি অতিকৈ পিছপৰা এই সমাজৰ উত্তৰণৰ বাবে চৰকাৰে কোনো ধৰনৰ ইতিবাচক সঁহাৰি নিদিয়াৰ অভিযোগ উত্থাপিত কৰে । মুকলি সভাত আটছা আছা কে ধৰি বিভিন্ন সংগঠনৰ কেইবাজনে বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

আৰু পঢ়ক: খেলা-ধূলা, পঢ়া-শুনা কৰা বয়সত কিয় কিশোৰীয়ে কঢ়িয়াইছে মাতৃত্বৰ বোজা? চৰকাৰে ভাৱক...

jamugurihat