এইবাৰ মহানগৰীত চিলনী চোৰৰ ৰূপত মহিলা, থপিয়াই নিলে মোবাইল...

এইবাৰ মহানগৰীত চিলনী চোৰৰ ৰূপত মহিলা, থপিয়াই নিলে মোবাইল...

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটীত চিলনী চোৰৰ তাণ্ডৱ। এইবাৰ চিলনী চোৰৰ ৰূপত যুৱতী৷ স্কুটিত অহা যুৱতীয়ে থপিয়ালে উবেৰ চালকৰ মোবাইল ৷ সাতগাঁৱৰ প্ৰমোদ দাসৰ হাতৰ পৰা থপিয়াই নিলে এটা মোবাইল ফোন।

মঙলবাৰে নিশা ভঙাগড় উৰণিয়া সেতুৰ তলত সংঘটিত হৈছে ঘটনাটো ৷ জানিব পৰা মতে নিশা ভাড়াৰ সন্ধানত উৰনীয়া সেতুৰ তলত ৰৈ আছিল চালকজন ৷ চালকজনে গাড়ীৰ পৰা নামি থিয় হোৱাৰ লগে লগে স্কুটীত অহা যুৱতীয়ে থপিয়াই নিয়ে মোবাইলটো ৷

ঘটনা সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে। আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰিছে যদিও এতিয়ালৈকে সন্ধান লাভ কৰা নাই চিলনী চোৰৰ।

এইবাৰ মহানগৰীত চিলনী চোৰৰ ৰূপত মহিলা, থপিয়াই নিলে মোবাইল...
আৰু কিমান অসমীয়াই প্ৰাণ হেৰুৱাব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in