গুৱাহাটীত এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ৪ খন মেচ

গুৱাহাটীত এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ৪ খন মেচ

ডিজিটেল ডেস্ক: চলিত বৰ্ষৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত হ'ব ভাৰতত। দেশৰ ১০ টা স্থানত অনুষ্ঠিত হ'ব বিশ্বকাপৰ মেচ। ৪৬ দিন ধৰি ভাৰতত অনুষ্ঠিত হ'ব বিশ্বকাপৰ খেল।

কিছুদিন পূৰ্বে বিশ্ব ক্ৰিকেটৰ অভিভাৱক সংস্থা আই চি চিয়ে ২০২৩ বিশ্বকাপৰ সময়সূচী প্ৰকাশ কৰিছিল। সূচী প্ৰকাশৰ লগে লগে আয়োজক বি চি চি আয়ে যুদ্ধকালীন গতিত প্ৰস্তুতি আৰম্ভ কৰিছে।

দেশৰ বিভিন্ন ৰাজ্যৰ ক্ৰিকেট ষ্টেডিয়ামৰ আন্তঃগাঁথনিৰ বাবে নিৰ্ধাৰণ কৰিছে ৫০ কোটিকৈ অনুদান। ষ্টেডিয়ামসমূহৰ আসোঁৱাহ দূৰ কৰিবলৈ বি চি চি আয়ে লৈছে এই পদক্ষেপ।

আই চি চিয়ে প্ৰকাশ কৰা সূচী অনুসৰি বিশ্বকাপৰ মূল মেচ অনুষ্ঠিত কৰাৰ পৰা বাদ পৰে অসম ক্ৰিকেট সন্থা। গুৱাহাটীত নহয় বিশ্বকাপৰ মূল মেচ। নিৰাশ অসমবাসী।

অৱশ্যে অসমৰ ক্ৰিকেট অনুৰাগীক সম্পূৰ্ণৰূপে নিৰাশ নকৰি অসম ক্ৰিকেট সন্থাক বিশ্বকাপৰ মেচ আয়োজন কৰাৰ বাবে বি চি চি আয়ে সেইজ সংকেত প্ৰদান কৰে। সেই অনুসৰি গুৱাহাটীত অনুষ্ঠিত হ'ব বিশ্বকাপৰ ৱাৰ্ম-আপ মেচ।

২৯ ছেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈকে গুৱাহাটীত ৪ খন ৱাৰ্ম আপ মেচ অনুষ্ঠিত হ'ব। এই খবৰে অনুৰাগীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। ৱাৰ্ম আপ মেচ প্ৰকাশিত সূচী অনুসৰি ভাৰত,বাংলাদেশ,ইংলেণ্ড,আফগানিস্তান আদি দেশে গুৱাহাটীত খেলিব অনুশীলন মেচ। গুৱাহাটীত অনুষ্ঠিতব্য মেচসমূহ তলত উল্লেখ কৰা হ'ল।

গুৱাহাটীত হ'বলগীয়া বিশ্বকাপৰ ৱাৰ্ম-আপ মেচ

২৯ ছেপ্তেম্বৰ ২০২৩ বাংলাদেশ বনাম যোগ্যতা অৰ্জনকাৰী দল

৩০ ছেপ্তেম্বৰ ২০২৩ ভাৰত বনাম ইংলেণ্ড

২ অক্টোবৰ ২০২৩ বাংলাদেশ বনাম ইংলেণ্ড

৩ অক্টোবৰ ২০২৩ আফগানিস্তান বনাম যোগ্যতা অৰ্জনকাৰী দল

গুৱাহাটীত এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ ৪ খন মেচ
প্ৰকাশ পালে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ সময়সূচীঃ স্থান নাপালে গুৱাহাটীয়ে...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in