/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f4872b39-2337-4ed1-9487-7667bbe499c2/JOLEN.jpg)
কৃতী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা
ডিজিটেল সংবাদ, তামুলপুৰঃ বিটিআৰৰ আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক জেইই আৰু নীটৰ কোচিঙৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিছে বিটিআৰ প্ৰশাসনৰ মূৰব্বী প্ৰমোদ বড়োৱে । শৈক্ষিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহন কৰি বডোফা ইউ এন ব্ৰহ্ম চুপাৰ ফিফটি নামাকৰণেৰে ৫০ গৰাকীকৈ আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক ক্ৰমে জেইই আৰু নীটৰ বাবে কোচিঙৰ ব্যৱস্থা কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/859a99d4-af66-4198-aefd-c5dac8ec8acb/dc6f0554_0050_49c9_ba0e_2aba0e4ba1cf.jpg)
ইতিমধ্যে বিশেষ বাঁচনি পৰীক্ষা অনুষ্ঠিত কৰি মেধাৰ ভিত্তিত পাঁচখন জিলাৰ পৰা দহ গৰাকীকৈ কৃতীমান ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত কৰিছে ৷ সোমবাৰে সন্ধিয়া তামুলপুৰৰ নিৰ্বাচিত তিনিগৰাকী মেধাৱী ক্ৰমে দেৱৰ্ষি কাশ্যপ, ৰিজুমণি বসুমতাৰী আৰু শিখাৰাণী স্বৰ্গীয়াৰীক ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে আনুষ্ঠানিক ভাৱে সম্বৰ্দ্ধন জ্ঞাপন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/538bff56-430d-463b-b06a-b3ab1bd4f5a1/9d858bc8_4e1c_4504_a43d_c799b91e687c.jpg)
মঙলবাৰে এই সকল ছাত্ৰ-ছাত্ৰীৰ গুৱাহাটিস্থিত এলেন কোচিং চেন্টাৰত নীটৰ প্ৰশিক্ষন আৰম্ভ হ’ব ৷ চিকিৎসা বিজ্ঞানত নামভৰ্তিৰ বাবে উপযুক্ত প্ৰশিক্ষন গ্ৰহন কৰি এই সকল ছাত্ৰ-ছাত্ৰী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী হিচাপে যাতে সুখ্যাতিৰে সৰ্বভাৰতীয় স্তৰৰ পৰীক্ষা উত্তীৰ্ণ হৈ নামভৰ্তি কৰিব পাৰে তাৰ বাবেও ছাত্ৰ-ছাত্ৰী সকলক বিধায়কগৰাকীয়ে শুভেচ্ছা জনায় ৷ আজিৰ অনুষ্ঠানত অনুপস্থিত নিৰ্বাচিত ছাত্ৰ-ছাত্ৰী সকলকো শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক জলেন দৈমাৰীয়ে ৷
Also Read: আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল নগাঁৱৰ প্ৰজ্ঞাত জ্যোতি শইকীয়া...