উৰিয়ামঘাট গাওঁৰক্ষী বাহিনীৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

উৰিয়ামঘাট গাওঁৰক্ষী বাহিনীৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
উৰিয়ামঘাট গাওঁৰক্ষী বাহিনীৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ উৰিয়ামঘাটত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা।উৰিয়ামঘাট আৰক্ষী থানাৰ গাওঁৰক্ষী বাহিনীৰ উদ্যোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ পৰা প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠান অনুষ্ঠিত হয় ৷

Advertisment

অনুষ্ঠানত সভাপতিত্ব কৰে থানা সমিতি গাওঁৰক্ষী বাহিনীৰ সভাপতি কেশৱ তুলচিয়াৰীয়ে ৷ সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক দুৰ্যোধন লিম্বুৱে ৷

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কৃতী ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য ৰাখে ক্ৰমে উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবীন্দ্ৰ বৰবৰুৱা,গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক দেৱকান্ত না ,ৰেংমা সীমান্ত হাইস্কুলৰ সহকাৰী শিক্ষক প্ৰতাপ গগৈ,বড়ো কছাৰী স্বায়ত্ত্বশাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী,গোৰ্খা ছাত্ৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক কৰ্ণ সিং লিম্বু আৰু,তাই আহোম ছাত্ৰ সন্থা ধনশিৰি মহকুমা সমিতিৰ সভাপতিৰ সভাপতি অনন্ত গগৈয়ে ৷

অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থা ধনশিৰি মহকুমা সমিতিৰ সভাপতি বিকাশ বৰা , স্থানীয় বিশিষ্ট ব্যৱসায়ী ৰিতুপৰ্ণ শ্যামকে আদি কৰি ভালেসংখ্যক স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লগতে অঞ্চলটোৰ ৯০গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক মানপত্ৰ, ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

Also Read: অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাক বাগভূষণ উপাধি প্ৰদান

uriyamghat students