এইবাৰ পুনৰ অংকৰ শিক্ষক, ছাত্ৰীয়ে তুলিছে গুৰুতৰ অভিযোগ

মহানগৰীৰ বেলতলাত সংঘটিত হৈছে শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা। কলেজৰ অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীয়ে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ।

author-image
Asomiya Pratidin
New Update
এইবাৰ পুনৰ অংকৰ শিক্ষক, ছাত্ৰীয়ে তুলিছে গুৰুতৰ অভিযোগ

ডিজিটেল ডেস্কঃ মহানগৰীৰ বেলতলাত সংঘটিত হৈছে শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা। কলেজৰ অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীয়ে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ।

Advertisment

কিশোৰ কুমাৰ দাস নামৰ অধ্যাপকজনৰ বিৰুদ্ধে ছাত্রীক শ্লীলতা হানিৰ অভিযোগ উত্থাপন হৈছে। নিশা ফোন কৰি ছাত্রীগৰাকীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ। কেৱল ইমানেই নহয়, ক্লাছৰ সময়তো অশ্লীল ইংগিত দিয়াৰ অভিযোগ ছাত্রীগৰাকীৰ। বেলতলাৰ ৰিজেণ্টছ একাডেমী অফ নৰ্থ ইষ্ট নামৰ শিক্ষানুষ্ঠানখনত এই ঘটনা।

জানিব পৰা মতে অভিযুক্তজন অংকৰ শিক্ষক। সেই শিক্ষকগৰাকীৰ ওচৰত টিউচনো কৰিছিল ভুক্তভোগীয়ে। টিউচনৰ সময়তো ছাত্ৰীগৰাকীক শ্লীলতা হানিৰ চেষ্টা চলাইছিল শিক্ষকগৰাকীয়ে। ইয়াৰোপৰি ছাত্ৰগৰাকীৰ অশ্লীল ফটো, ভিডিঅ' বিচৰাৰ অভিযোগো উত্থাপন হৈছে শিক্ষকগৰাকীৰ বিৰুদ্ধে। লগতে আন কোনোবাক এই বিষয়ে অৱগত নকৰোৱাৰ বাবে ভাবুকি দিছিল। এতিয়ালৈকে ঘটনা সন্দৰ্ভত পৰিয়ালৰলোকে আৰক্ষীক অৱগত কৰোৱা নাই যদিও পৰৱৰ্তী সময়ত এজাহাৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে।

Also Read: কোটি টকীয়া জল জীৱন আঁচনিৰ নামত ভেঁকোভাওনা

Assam police