নিৰুদ্দেশ হৈ থকা শিশুৰ মৃতদেহ উদ্ধাৰ, গ্ৰেপ্তাৰ পিতৃ মোছলেম আলী

বৃহস্পতিবাৰৰ দিনটোত বঙাইগাঁও জিলাত দুটাকৈ হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে । পুৱাৰ ভাগত বঙাইগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দুৰ্গামাৰী গাঁৱত এহাল ভাতৃ-ভগ্নীৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল।
নিৰুদ্দেশ হৈ থকা শিশুৰ মৃতদেহ উদ্ধাৰ, গ্ৰেপ্তাৰ পিতৃ মোছলেম আলী

ডিজিটেল সংবাদ, চিদলী : বৃহস্পতিবাৰৰ দিনটোত বঙাইগাঁও জিলাত দুটাকৈ হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে । পুৱাৰ ভাগত বঙাইগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দুৰ্গামাৰী গাঁৱত এহাল ভাতৃ-ভগ্নীৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ চাঞ্চল্য মাৰ নোযাওঁতেই দুপৰীয়াৰ ভাগত পুনৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ধনতোলাৰ লিংগডোবা গাঁৱৰ বাঁহনিৰ তলত এটি ৭ বছৰীয়া শিশুৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ হয় ।

মৃত শিশুটিক উক্ত গাঁৱৰে মোছলেম আলীৰ সাত বছৰীয়া পুত্ৰ বুলি চিনাক্ত হৈছে। আশ্চৰ্য্যজনক কথা যে শিশুটিৰ হত্যাৰ অভিযোগ উত্থাপিত হৈছে পিতৃ মোছলেম আলীৰ বিৰুদ্ধে । বিদ্যাপুৰ আৰক্ষীয়ে ইতিমধ্যেই শিশু হত্যাৰ অভিযোগত পিতৃ মোছলেম আলীক গ্ৰেপ্তাৰ কৰিছে ।

উল্লেখ্য যে, ৩১ জানুৱাৰী নিশাৰ পৰা ৰহস্যজনক ভাৱে নিৰুদ্দেশ হৈ আছিল ৭ বছৰীয়া শিশুটি। কোনে, কি পৰিস্থিতিত নিৰ্দয় ভাৱে হত্যা কৰি এনেদৰে বাঁহনিৰ তলত পেলাই থৈছিল এই সন্দৰ্ভত আৰক্ষীয়ে বিশেষ তথ্য সদৰি কৰা নাই।

স্থানীয় লোকে জানিবলৈ দিয়া মতে ৩১ জানুৱাৰীত বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত লিংগডোবা গাঁৱত এখন ধৰ্মীয় জলসা অনুষ্ঠিত হৈছিল । সেই দিনাই সন্ধিয়াৰ ভাগত উক্ত গাঁৱৰে বাসিন্দা মোছলেম আলীয়ে নিজৰ স্ত্ৰী পূৰ্বৰ স্বামীৰ সন্তান অৰ্থ্যাৎ সতীয়া পুত্ৰক লগত লৈ ধৰ্মীয় জলসাত যোৱাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই গৈছিল । তাৰ পিছৰে পৰা শিশুটি ৰহস্যজনক ভাবে নিৰুদ্দেশ হৈ পৰে ।

নিশা ধৰ্মীয় জলসাৰ পৰা পিতৃ মোছলেম আলী অকলে ঘৰত যোৱাৰ পিছত পুত্ৰ সন্দৰ্ভত ঘৰৰ মানুহক জলসাৰ ভিৰৰ মাজত কৰবাত হেৰাই গ'ল বিচাৰি পোৱা নাই বুলি জনাইছিল । কিন্তু ১ ফেব্ৰুৱাৰী দিনাও শিশুটিৰ কোনো সন্ধান নোলোৱাত সতীয়া পিতৃ মোছলেম আলীৰ প্ৰতি আত্মীয় স্বজনৰ লগতে ওচৰ চুবুৰীয়াৰ সন্দেহ ওপজে ।

সেইমতে পিতৃ মোছলেম আলীক ৰাইজে আৱদ্ধ কৰি নিৰুদ্দেশ শিশুটি সন্দৰ্ভত সোধপোছ কৰি পিছত বিদ্যাপুৰ আৰক্ষী থানাত গতাই দিয়ে । আৰক্ষীয়ে নিজাববীয়াকৈ মোছলেম আলীক আটক কৰি সোধপোছ কৰে । মোছলেম আলীৰ তথ্যৰ ভিত্তিত আজি বঙাইগাঁও আৰক্ষীয়ে এচডিআৰএফ বাহিনীৰ হতুৱাই গাঁৱৰ ওচৰৰে বৈ যোৱা নৈত অনুসন্ধান আৰম্ভ কৰে ।

ইপিনে ৰাইজে হঠাতে গাঁৱত এচডিআৰএফ বাহিনীৰ উপস্থিতি দেখি নিশ্চিত হয় যে শিশুটিক ইতিমধ্যেই হত্যা কৰি নৈত পেলাই দিছে । স্থানীয় ৰাইজেও নিজাববীয়াকৈ খোজ বিচাৰ আৰম্ভ কৰে আৰু লিংডোবাৰ সমীপবৰ্তী বামুণীটিলাত ইজাব আলীৰ বাসগৃহৰ পিছফালৰ বাঁহনিত শুকান পাতেৰে ঢাকি থোৱা অৱস্থাত শিশুটিৰ ক্ষত বিক্ষত মৃতদেহ প্ৰত্যক্ষ কৰে ।

মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰি ঘটনা স্থলীত ইতিমধ্যে বঙাইগাঁও আৰু বিদ্যাপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । ইপিনে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই অঞ্চলটোৰ ৰাইজ উত্তেজিত হৈ পৰে । উত্তেজিত ৰাইজে অভিযুক্তৰ ফাঁচীৰ দাবী কৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে।

তাৰ মাজতে দণ্ডাধীশৰ উপস্থিতিত বিদ্যাপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।

আৰু পঢ়ক: প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ নামত ২২ কোটি, ৰাষ্ট্ৰপতিৰ বাবে ৬ কোটি খৰচ কেন্দ্ৰৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in